আহোম সাম্ৰাজ্যৰ কীৰ্তিচিহ্ন সমূহৰ তথ্যচিত্ৰ সহ বক্তব্য থাইলেণ্ডৰ বেংককত।

থাইলেণ্ডৰ বেংককত আয়োজিত উত্তৰ পূৰ্ব্বাঞ্চল সমন্বয় ক্ষেত্ৰৰ পৰা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বক্তব্য প্ৰদান।

থাইলেণ্ডৰ বেংককত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেল 2022 অনুষ্ঠানৰ আজিৰ কাৰ্য্যসূচীত ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ কীৰ্তিচিহ্ন সমূহৰ সৰ্ন্দভত তথ্যচিত্ৰ সহ বক্তব্য প্ৰদান কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বিশ্বৰ প্ৰেক্ষাপটত পুনৰ উপস্থাপন হ'ল ঐতিহাসিক চৰাইদেউৰ তথ্য। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য চৰাইদেউৰ সন্বদৰ্ভত বক্তৃতা প্ৰদান কৰিলে থাইলেণ্ডৰ বেংককত।থাইলেণ্ডৰ বেংককত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেল 2022 অনুষ্ঠানৰ আজিৰ কাৰ্য্যসূচীত ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ কীৰ্তিচিহ্ন সমূহৰ সৰ্ন্দভত তথ্যচিত্ৰ সহ বক্তব্য ৰাখে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে বেংককত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে মন্ত্ৰী যোগেন মহনৰ ওপৰিও উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া তথা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে