বাক্সা: এটা জাতিৰ উন্নয়নৰ বাবে সেই জাতিটোৰ লোকসকল আনুষ্ঠানিকভাৱে শিক্ষিত হ'ব লাগিব ৷ কাৰণ এটা শিক্ষিত জাতিয়েহে দেশৰ বা সমাজৰ উন্নয়ন কৰিব পাৰে ৷ শিক্ষা অবিহনে এটা জাতিৰ উন্নতি অসম্ভৱ ৷ তাৰবাবে আমি সকলোৱে শিক্ষা লাভৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগিব ৷ এই মন্তব্য শৰণীয়া কছাৰী সাহিত্য সভাৰ সাধাৰণ সম্পাদক লোহিত চন্দ্ৰ দাসৰ ৷ বাক্সা জিলাৰ বৰিমাখা জুনিয়ৰ কলেজৰ প্ৰেক্ষাগৃহত আজি বৰিমাখা আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী সন্মিলন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ যৌথ উদ্যোগত উচ্চ আৰু উচ্চতৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত কৰা সভাত অংশ লৈ শৰণীয়া কছাৰী সাহিত্য সভাৰ সম্পাদক দাসে কয় যে ছাত্ৰ অৱস্থাতে আমি লক্ষ্য স্থিৰ কৰিব লাগিব ৷ তেতিয়াহে ভৱিষ্যত জীৱন সুন্দৰ হ'ব ৷ সমাজ, দেশৰ উন্নয়ন হ'ব ৷ তেওঁ পুনৰ ছাত্ৰ-ছাত্ৰীসকলক তথ্য প্ৰযুক্তিৰ উপৰিও আধ্যাত্মিক জ্ঞান আহৰণ কৰিবলৈও আহ্বান জনায় ৷ শৰণীয়া কছাৰী সন্মিলনৰ সভাপতি বিনয় কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আঞ্চলিকৰ অন্তৰ্গত এঘাৰখন গাঁওৰ কৃতী ছাত্ৰ- ছাত্ৰীসকলক মানপত্ৰ, জনগোষ্ঠীয় গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত বৰিমাখা বালিকা হাইস্কুলৰ সহকাৰী শিক্ষক অজিত দাস, বৰবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰামচন্দ্ৰ দাস, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক মনোহৰ ৰাজবংশী, শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ সদস্য ললিত চন্দ্ৰ দাস, গাঁওবুঢ়া তপন দাসকে ধৰি কেবাজনো ব্যক্তিয়ে ছাত্ৰ- ছাত্ৰীসকলক উদ্যেশ্যি বক্তব্য প্ৰদান কৰে ৷ সমাজকৰ্মী জলেশ্বৰ দাসে আঁতধৰা সভাত জনগোষ্ঠীটোৰ ৪১ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજુલાના ભાક્ષી ગામે મહિલા પર છરીના ઘા ઝીંકી હત્યાની કોશિશના ગુન્હાના આરોપીઓને ઝડપી પાડયા
રાજુલાના ભાક્ષી ગામે મહિલા પર છરીના ઘા ઝીંકી હત્યાની કોશીશના ગુન્હાના આરોપીઓને વડોદરા નજીકથી...
गजब! इस शख्स ने पहले मेडिकल कॉलेज में किया देहदान, फिर ब्राह्मण को बुलाकर करवा दिया खुद का पिंडदान
कोटा:- रामलीला में रावण का पात्र करने के दौरान राम के हाथों कईं बार मृत्यु का वरण करते-करते...
Xiaomi 14 सीरीज के Smartphone का लुक और खूबियां पहले ही हो गईं रिवील, कंपनी प्रेसिडेंट ने दिखाई फोन की झलक
Xiaomi 14 Series शाओमी अपनी मच-अवेटेड स्मार्टफोन सीरीज Xiaomi 14 को बहुत जल्द लॉन्च करने जा रही...
2024 का यह बजट स्वागत योग्य , जनहित का बजट एवम भारत को विश्वशक्ति बनाने वाला बजट हैं : चुग ll बजट से प्रधानमंत्री मोदी जी की कमिटमेंट और विकसित भारत का संकल्प साफ़ दिखता है : चुग
भारतीय जनता पार्टी के राष्ट्रीय महासचिव तरुण चुग ने मोदी सरकार के तीसरे कार्यकाल के पहले बजट...
Aaj Ka Rashifal 17 September 2023: पैसों के मामले में इन जातकों को आज बरतनी होगी बेहद सावधानी , इन राशि वालों को सेहत का भी रखना होगा खास ख्याल
Aaj Ka Rashifal 17 September 2023: मशहूर ज्योतिषी आचार्य इंदु प्रकाश से जानिए राशि के अनुसार आपका...