বাক্সা: এটা জাতিৰ উন্নয়নৰ বাবে সেই জাতিটোৰ লোকসকল আনুষ্ঠানিকভাৱে শিক্ষিত হ'ব লাগিব ৷ কাৰণ এটা শিক্ষিত জাতিয়েহে দেশৰ বা সমাজৰ উন্নয়ন কৰিব পাৰে ৷ শিক্ষা অবিহনে এটা জাতিৰ উন্নতি অসম্ভৱ ৷ তাৰবাবে আমি সকলোৱে শিক্ষা লাভৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগিব ৷ এই মন্তব্য শৰণীয়া কছাৰী সাহিত্য সভাৰ সাধাৰণ সম্পাদক লোহিত চন্দ্ৰ দাসৰ ৷ বাক্সা জিলাৰ বৰিমাখা জুনিয়ৰ কলেজৰ প্ৰেক্ষাগৃহত আজি বৰিমাখা আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী সন্মিলন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ যৌথ উদ্যোগত উচ্চ আৰু উচ্চতৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত কৰা সভাত অংশ লৈ শৰণীয়া কছাৰী সাহিত্য সভাৰ সম্পাদক দাসে কয় যে ছাত্ৰ অৱস্থাতে আমি লক্ষ্য স্থিৰ কৰিব লাগিব ৷ তেতিয়াহে ভৱিষ্যত জীৱন সুন্দৰ হ'ব ৷ সমাজ, দেশৰ উন্নয়ন হ'ব ৷ তেওঁ পুনৰ ছাত্ৰ-ছাত্ৰীসকলক তথ্য প্ৰযুক্তিৰ উপৰিও আধ্যাত্মিক জ্ঞান আহৰণ কৰিবলৈও আহ্বান জনায় ৷ শৰণীয়া কছাৰী সন্মিলনৰ সভাপতি বিনয় কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আঞ্চলিকৰ অন্তৰ্গত এঘাৰখন গাঁওৰ কৃতী ছাত্ৰ- ছাত্ৰীসকলক মানপত্ৰ, জনগোষ্ঠীয় গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত বৰিমাখা বালিকা হাইস্কুলৰ সহকাৰী শিক্ষক অজিত দাস, বৰবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰামচন্দ্ৰ দাস, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক মনোহৰ ৰাজবংশী, শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ সদস্য ললিত চন্দ্ৰ দাস, গাঁওবুঢ়া তপন দাসকে ধৰি কেবাজনো ব্যক্তিয়ে ছাত্ৰ- ছাত্ৰীসকলক উদ্যেশ্যি বক্তব্য প্ৰদান কৰে ৷ সমাজকৰ্মী জলেশ্বৰ দাসে আঁতধৰা সভাত জনগোষ্ঠীটোৰ ৪১ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ মাদ্ৰাছা সমূহ জেহাদীৰ ঘাটি বুলি চলি থকা প্ৰচাৰৰ বিৰুধীতা ধিঙৰ বিধায়ক আমিনুল ইছলামৰ
অসমৰ মাদ্ৰাছা সমূহ জেহাদীৰ ঘাটি বুলি চলি থকা প্ৰচাৰৰো বিৰুধীতা কৰে ধিংৰ বিধায়ক...
মৰাণত উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ ৰচনাৱলী উন্মোচন
মৰাণত উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ ৰচনাৱলী উন্মোচন
ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাহিত্যিক, চলিত...
ಪ್ರಸ್ತುತ ವಾಗಿರಲು ನಿರಂತರ ಕಲಿಕೆಯಿಂದ ಮಾತ್ರ ಸಾಧ್ಯ: ನಟ ರಮೇಶ್ ಅರವಿಂದ್*
ಬಸವನಗುಡಿ ನ್ಯಾಷನಲ್ ಕಾಲೇಜಿನ 60 ನೆ ಅಂತರ್ ವರ್ಗೀಯ ಕನ್ನಡ ನಾಟಕ ಸ್ಪರ್ಧೆ ವಿಜೇತರಿಗೆ ಬಹುಮಾನ ವಿತರಣೆ.
ತಮ್ಮ ಕಾಲೇಜಿನ ದಿನಗಳನ್ನ ನೆನಪಿಸಿಕೊಂಡು ಸಂತಸ
ಪ್ರಸ್ತುತ ವಾಗಿರಲು ನಿರಂತರ ಕಲಿಕೆಯಿಂದ ಮಾತ್ರ ಸಾಧ್ಯ: ನಟ ರಮೇಶ್ ಅರವಿಂದ್*
ಬಸವನಗುಡಿ ನ್ಯಾಷನಲ್ ಕಾಲೇಜಿನ 60 ನೆ...
પાટણ જિલ્લામાં ધમાકેદાર વરસાદ
પાટણ જિલ્લામાં ધમાકેદાર વરસાદ