গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এই মাহৰ চতুৰ্থ দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে জিলাখনৰ বন বিভাগৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, বোকাখাতৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন এলেকাত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়াৰ বৰ্তমান স্থিতি তথা অগ্ৰগতি সন্দৰ্ভত সবিশেষ বুজ লয় । তেওঁ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ৯৭ টা চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰৰ পুনৰনিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বিতংভাবে আলোচনা কৰে । তেওঁ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন প্ৰক্ৰিয়াৰ লগতে চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰৰ পুনৰনিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উপায়ুক্ত গৰাকীয়ে এই প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে অন্য সংশ্লিষ্ট পক্ষৰ লগত আলোচনাত মিলিত হ'বলৈ সাজু আছে বুলিও মত প্ৰকাশ কৰে । 

বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰমেশ কুমাৰ গগৈ উপস্থিত আছিল ।