জনসাধাৰণৰ মাজত হেৰুওৱা বিশ্বাসযোগ্যতা পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলে দেশত আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়তে দলটোৱে আন এক মোক্ষম আঘাত লাভ কৰিছে।
গোৱাত ১১ গৰাকী বিধায়কৰ ৮ জন বিধায়কে আজি কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰা খবৰে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া বিধায়কসকলৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাত, মাইকেল লবো, দেলিয়াহ লবো, ৰাজেশ ফালদেশাই, কেদাৰ নাইক, সংকল্প আমোংকাৰ, এলেস্কো চিকুইৰা আৰু ৰুডলফ ফাৰ্ণাণ্ডেজ।
৮ গৰাকী বিধায়কে বিজেপিত যোগ দিয়াত এতিয়া গোৱাত কংগ্ৰেছ দলৰ বিধায়কৰ সংখ্যা তিনিলৈ হ্ৰাস পালে। বিৰোধী বুলি গোৱাত এতিয়া সাতগৰাকী বিধায়কহে ৰৈ গ’ল।
উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভাৰত জোড়ো যাত্ৰা’ এতিয়া ‘কংগ্ৰেছ চোড়ো যাত্ৰা’ত পৰিণত হ’ব বুলি কটাক্ষ কৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তে।
উল্লেখ্য যে, এম জি পি দলৰ দুজন বিধায়ক আৰু তিনিগৰাকী নিৰ্দলীয় বিধায়কৰ সৈতে গোৱাত বিজেপি মিত্ৰজোঁটৰ সংখ্যা ৩৩ লৈ বৃদ্ধি পালে।