ৰঙাজানত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় কৰম উৎসৱ,গীত নৃত্য,মাদলৰ শব্দত মুখৰিত সমগ্ৰ ৰঙাজান।
শিক্ষা আৰু সাংস্কৃতিক দিশত আগুৱাই গলহে এটা জাতিৰ পৰিচয়লাভ কৰিব পাৰি। নতুন চামক শিক্ষা আৰু সাংস্কৃতিক দিশতসমানে আগুৱাই নিলেহে আদিবাসী জাতিটোৰ উন্নতি সম্ভব। এই মন্তব্য সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ।
আনহাতে আদিবাসী তথা চাহ জনগোষ্ঠীৰ প্ৰবিত্ৰ কৰম উৎসবত চৰকাৰে বন্ধ ঘোষনা কৰিছে যদিও উক্ত বন্ধ ৰদিনত চাহশ্ৰমিক সকলক মজুৰিৰ পৰা বঞ্চিত কৰাক লৈ ক্ষোভ প্ৰকাশ আছাৰ।
যোৱা ১২আৰ১৩চেপ্তম্বৰ তাৰিখেসদৌ অসম আদি বাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী ৰে গোলাঘাট ৰ ৰঙা জানতে আয়োজন কৰে বিশাল কৰম উৎসব। দূয়ো দিনা কাৰ্য সুচীত সহস্ৰাধিক লোকৰ সমাগম ঘটে উৎসব স্থলীত। গীত নৃত্যৰ চন্দেৰে মাদলৰ চেৱত প্ৰাণ পাই উঠিল গোলাঘাট ৰঙাজানৰ বালিজান।