ফলঙনীৰ এগৰাকী অনাতাঁৰ শিল্পী বিশিষ্ট সমাজকৰ্মী বনমালি শইকীয়াৰ মৃত্যুত ফলঙনিত শোকৰ ছাঁ।

 গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙী মৌজাৰ এগৰাকী প্ৰবীণ অনাতাঁৰ শিল্পী ফলঙনিৰ নিবাসী বনমালি শইকীয়া কালি ১৩ছেপ্তেম্বৰৰ নিশা ৯.২১ মিনিটত নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬২ বছৰ। আজীৱন অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ সমাজৰ হকে কাম কৰা বনমালি শইকীয়াৰ মৃত্যুত সমগ্ৰ ফলঙনি শোকৰ ছাঁ পৰে, ফলঙনি শ্ৰমিক যুব সংঘৰ প্ৰতিষ্ঠাপক সদস্য, ফলঙনি গাওঁৰক্ষী বাহিনীৰ প্ৰাক্তন নায়ক, দক্ষিণ মৰঙি আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সংন্থাৰ ওপৰিও ফলঙনি নাগৰিক মঞ্চ ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ এসময়ৰ সক্ৰিয় সদস্য আছিল, ফলঙনি সমাজ পৰিবৰ্তনৰ বাবে হোৱা আন্দোলন ক্ৰমে ফলঙনি বৈদ্যুতিকৰণ ,পথ পকিকৰণ,পথ অৱৰোধৰ দৰে আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰি আহিছিল, তেওঁ মৃত্যুৰ পৰ্যন্ত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ফলঙনি শাখাৰ সদস্য আছিল। তেখেতৰ মৃত্যুত ফলঙনি গাওঁ শোকত স্তব্ধ হৈ পৰে।