ডিব্ৰুগড়ৰ লৰুৱা সমবায় সমিতি লিমিটেডত ৪৪৫০ কুইন্টল চাউল জব্দ অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ।

ৰাজহুৱা অভিযোগৰ ভিত্তিত BIEO বিষয়াই প্ৰেৰণ কৰা এটা দলে Supdt. FCS & CA দিলীপ কুমাৰ আৰু Dy.SP ইন্দ্ৰজিৎ চক্ৰৱৰ্তীয়ে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ সমবায় চাউল।

সোমবাৰে বিয়লি দলটোৱে ডিব্ৰুগড় বৰবৰুৱা আশাপুৰত অৱস্থিত M/S লৰুৱা সমবায় সমিতি লিমিটেডৰ পৰা 4450 কুইন্টল PDS /TPDS চাউল জব্দ কৰে।

ইফালে মঙ্গলবাৰে তিনিচুকীয়া ডুমডুমাৰ ৰূপাই ছাইডিঙত অৱস্থিত M/S Tipuk SS Ltd'ৰ পৰা একাউণ্টৰ নন মেইণ্টেনেন্স আৰু অসৎ ব্যৱহাৰৰ বাবে অভিযানৰকাৰী দলটোৱে মুঠ ৬৪১৫ কুইণ্টল PDS /TPDS চাউল জব্দ কৰিছে।