বলিদান দিৱসৰ আয়োজন

অসম গোর্খা সন্মিলন আৰু সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ২৫ আগষ্টত বিস্তৃত কাৰ্যসূচীৰে স্বাধীনতা সেনানী বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৮ সংখ্যক বলিদান দিৱস সোণাৰিৰ সমীপৰ আইদেউবাৰী নেপালী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰিব লোৱা হৈছে। এই সম্পৰ্কে প্ৰকাশিত কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱা ৮ বজাত বৃক্ষ ৰোপন কাৰ্যসূচীৰে দিৱসৰ আৰম্ভণি কৰা হব। ইয়াৰ পিছত ক্ৰমে পতাকা উত্তোলন, স্মৃতি তৰ্পন, শ্বহীদ তৰ্পন, মেজৰ দুৰ্গা মল্লৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, প্ৰাক্তন নেতৃবৃন্দৰ সাংগঠনিক স্মৃতি ৰোমন্থন অনুষ্ঠানৰ পিছতে দিৱসৰ মূল কাৰ্যসূচী মুকলি সভা অনুষ্ঠিত হব। সন্ধিয়া বন্তি প্ৰজ্বলন, দেশভক্তিমূলক গীত পৰিৱেশনৰ পিছত অসম গোর্খা সন্মিলনৰ চৰাইদেউ জিলা সমিতিৰ বিশেষ প্ৰতিনিধি সভাৰে দিৱসৰ কাৰ্যসূচীৰ সামৰণি মৰা হব।