১বছৰীয়া কেঁচুৱা লৈ বিদ্যালয়ত পাঠ দান এগৰাকী মাজুলীৰ শিক্ষয়িত্ৰীৰ।

◆কৰ্ম সংস্কৃতিৰ সুন্দৰ নিৰ্দশন ২নং কমলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী পল্লবী হাজৰিকাৰ 

◆বিদ্যালয়ত কেচুৱা উমলা বিচনা -কিন্তু কিয় ?

 টি সময়ত চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দায়িত্ব সম্পাদন কৰাত গাফিলতি কৰি আহিছে সেই সময়ত মাজুলীৰ ২নং কমলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীয়ে তুলি ধৰিছে সুন্দৰ নিৰ্দশণ ৷

এবছৰীয়া কন্যা শিশুটিক কোলাত লৈ নিতৌ বিদ্যালয়লৈ আহে এগৰাকী শিক্ষয়ত্ৰী ৷

প্ৰাথমিক বিদ্যালয় খনৰ শিক্ষয়ত্ৰী পল্লৱী হাজৰিকাই বিদ্যালয় খনতেই ডাঙৰ কৰিছে দুটিকৈ সন্তান ৷ প্ৰথম ল'ৰা সন্তান আৰ্যনিৰ চুতীয়া বৰ্তমান প্ৰথম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ বিপৰিতে এবছৰীয়া কন্যা সন্তান অৰচি চুতীয়ক কাৰ্য্যলয়ৰ শিশু উমলা বিছনাত শোৱাই ছাত্ৰছাত্ৰীক পাঠদান দি আহিছে ৷ বিদ্যালয়ত থকা আঁঠ গৰাকী শিক্ষয়িত্ৰীয়েই এতিয়া এই শিশুটিৰ মাতৃ ৷ ঘৰত থকাত কৈ সন্তান সহ বিদ্যালয়ত থাকিহে অধিক সুখি পল্লবী। ৷