চাপৰমুখ মাৰবাৰী পট্টী স্থিত গীতা দেবী হানচাৰীয়া স্মৃতি শংকৰদেৱ শিশু বিদ্যা নিকেতনত শিক্ষক দিৱস উপলক্ষে তিনিগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষা গুৰুক সম্বৰ্ধনা জনোৱা হৈ আৰু প্ৰাচীৰ পত্ৰিকা প্ৰজ্ঞান উন্মোচন কৰা হয়।

       এই উপলক্ষে পূবা বন্দনাৰ পাছত ১০বজাৰ পৰা নিকেতন পৰিচালনা সমিতিৰ সভাপতি ড° কৃষ্ণ কান্ত তামুলীৰ সভাপতিত্বত আৰু নিকেতন প্ৰধানচাৰ্য্য নৱজ্যোতি তামুলীয়ে আঁত ধৰা সভাত পৰিচালনা সমিতিৰ সম্পাদক গৌৰিশংকৰ আগৰবালা,উপসভাপতি বলোৰাম শইকীয়া, কোষাধ্যক্ষ সীতাৰাম আগৰৱলা সহ পৰিচালনা সমিতিৰ অন্য বিষয়ববীয়া,অবিভাবক,অবিভাবিকা আৰু গনমান্য ব্যক্তি সকল উপস্থিত থাকি শিক্ষক দিৱস ৰ তাৎপৰ্য ব্যাখ্যা কৰে।উক্ত সভাতে শিক্ষক দিৱস ৰ পবিত্ৰ মূহুৰ্তত চাপৰমুখ অঞ্চলৰ তিনিগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক ক্ৰমে গিৰীশ চন্দ্ৰ দাস,ৰবীন বৰুৱা আৰু কৃষ্ণকান্ত দাসক নিকেতনৰ তৰফৰ পৰা ফুলাম গামোচা,চেলেং,সম্বৰ্ধনা পত্ৰ আৰু এটি কিতাপৰ টোপোলা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।লগতে অনুষ্ঠানত নিকেতনৰ প্ৰধানাচাৰ্য নবজ্যোতি তামুলীক নিকেতনৰ আচাৰ্য, আচাৰ্য্যা সকলে নিকেতনৰ প্ৰতি আগবঢ়োৱা অবদান ৰ বাবে বিশেষভাবে সম্বৰ্ধনা জনোৱা ৰ লগতে পৰিচালনা সমিতিয়েও নিকেতনৰ আচাৰ্য, আচাৰ্য্যা ৰ লগতে কৰ্মচাৰী সকলকো সম্বৰ্ধনা জনাই।

সভাত নিকেতনৰ প্ৰাচীৰ পত্ৰিকা প্ৰজ্ঞান পৰিচালনা সমিতিৰ সম্পাদক গৌৰীশংকৰ আগৰৱলায়ে উন্মোচন কৰাৰ পাছত নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ জৰিয়তে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।