গোলাঘাটৰ এজন এঘাৰ বছৰীয়া ছাত্ৰই নিজৰ এক অভিনৱ প্ৰতিভা প্ৰদৰ্শন কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ এই প্ৰতিভাক স্বীকৃতি প্ৰদান কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে। সবাতোকৈ গুৰুত্বপূৰ্ণ কথা যে এই এঘাৰ বছৰীয়া কণমানি ছাত্ৰজনৰ মাতৃ আৰু পিতৃ দুয়ো ইতিপূৰ্বে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজ নিজ অনন্য প্ৰতিভা প্ৰদৰ্শন কৰি অভিলেখ গঢ়ি থৈছে। এঘাৰ বছৰীয়া ছাত্ৰ, নাম প্ৰীণন শইকীয়া। গোলাঘাট নগৰৰ নতুন আমোলাপট্টি ১০ ৱাৰ্ড নিৱাসী শিক্ষক দম্পত্তি প্ৰণৱজ্যোতি শইকীয়া আৰু বৰ্ণালী দত্তৰ পুত্ৰ প্ৰীণন বৰ্তমান গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ। ছাত্ৰ জনে বাওঁ ভৰিৰ বুঢ়া আঙুলি ফুটাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷ প্ৰীণনে এক মিনিটত মুঠ ৯১ বাৰ ভৰিৰ বুঢ়া আঙুলি ফুটাই অভিলেখ গঢ়িছে। এঘাৰ বছৰ বয়সৰ শ্ৰেণীত প্ৰীণন শইকীয়াই এইদৰে এক মিনিটত ৯১ বাৰ একেৰাহে ভৰিৰ বুঢ়া আঙুলি ফুটুৱা কাৰ্যক অভিলেখ হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে। এঘাৰ বছৰীয়া কণমানি ছাত্ৰজনে নিজৰ পিতৃ মাতৃৰ পৰাই এনে কাৰ্য কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে প্ৰীণন শইকীয়াৰ মাতৃ বৰ্ণালী দত্তই বিগত বৰ্ষত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। তেখেতে সতেজ আমপাতত যোগাসনৰ ৩১ বিধ আসন এম্ব্ৰইডাৰী কৰিছিল। আনহাতে প্ৰীণন শইকীয়াৰ পিতৃ প্ৰণৱজ্যোতি শইকীয়াইও নিজৰ অনন্য প্ৰতিভা প্ৰদৰ্শন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান অধিকাৰ কৰিছিল।তেখেতে দহটা বগা তিলত দহখন জাতীয় পতাকা অংকন কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
দলগাঁৱৰ বৰুৱাঝাৰ গাঁওৰ নুৰজামাল- কুব্বাত আলীৰ বাসগৃহত অগ্নিকাণ্ড-জাহ গ'ল প্ৰায় ২৫লাখ টকাৰ সা সম্পত্তি
দলগাঁৱৰ বৰুৱাঝাৰ গাঁওৰ নুৰজামাল- কুব্বাত আলীৰ বাসগৃহত অগ্নিকাণ্ড-জাহ গ'ল প্ৰায়২৫লাখ টকাৰ সা সম্পত্তি
किश्तवाड़, जम्मू कश्मीर में स्थित प्राचीन एवं पवित्र मचैल माता मंदिर में दर्शन करने का सौभाग्य मिला।
जम्मू कश्मीर के किश्तवाड़ जिले में स्थित प्राचीन एवं ऐतिहासिक पवित्र मचैल माता मंदिर में दर्शन...
छात्र संघ चुनाव की मांग को लेकर एनएसयूआई का प्रदर्शन
महाविद्यालय के मुख्य द्वार को बंद कर नारेबाजी,उच्च शिक्षा मंत्री के नाम दिया ज्ञापन
बूंदी...
Breaking News: Bihar के Patna में BJP नेता की हत्या, बाइक सवार 2 बदमाशों ने गोली मारी | Aaj Tak
Breaking News: Bihar के Patna में BJP नेता की हत्या, बाइक सवार 2 बदमाशों ने गोली मारी | Aaj Tak