#নিগেটিভ_এনাৰ্জী
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
সাধাৰণতে আমি যেতিয়া কোনো অন্ধকাৰ অবাসিত ঠাই বা পুৰণি ঘৰ, ডাঙৰ ডাঙৰ বনগছ আদি ঠাইলৈ যাওঁ, তেতিয়া অৱচেতন মনত এটা ভয়ে কাম কৰে। প্ৰথমে লক্ষ্য কৰিব যে শৰীৰটো কঁপি উঠিছে বা গাৰ নোম শিহৰি উঠিছে। এনে সময়ত ভয়ৰ বাবে আমাৰ হৃদপিণ্ডই স্বাভাৱিকতকৈ বেছি কম্পন কৰে আৰু শৰীৰত ৰক্ত সোঁত বৃদ্ধি পায় অৰ্থাৎ ৰক্তচাপ বৃদ্ধি পায়। ভয় বেছি হ’লে কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ বাবে বহু লোক কিছু সময়ৰ বাবে অচেতন হৈ পৰে, যাক আমি মুৰ্চা যোৱা বুলি কওঁ। মানুহে যেতিয়া ভয় খায় তেতিয়া তেওঁলোকৰ মগজু আৰু হৃদস্পন্দন দুয়োটাই অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে। তেতিয়া আমাৰ ইন্দ্ৰিয়সমূহে আমাৰ মনত যি চিন্তা কৰোঁ, আমি যি কল্পনা কৰোঁ তাৰ প্ৰতি অধিক সক্ৰিয় অনুভৱ কৰে। এই সময়ত মানুহৰ সংবেদনশীলতা অতি বেছি হয় আৰু এড্ৰিনেলিন নামৰ বস্তু এটা নি:সৰিত হয়। এড্ৰিনেলিনে আমাৰ মগজুত অজ্ঞাত বস্তুৰ বিৰুদ্ধে যুঁজিবলৈ ডিফল্ট হৈ পৰে। এইটোৱে ভয়। মানুহ কল্পনা প্ৰসূত জীৱ। অন্ধকাৰ, নীৰৱতা, অকলশৰীয়া আৰু চিন্তাৰ বিশালতাই কেতিয়াবা ভ্ৰমৰ সৃষ্টি কৰে। এইটো হ'ল আমাৰ বৈজ্ঞানিক দৃষ্টিভংগী।
#স্পিৰিট_কল
যিয়ে কৰি পাইছে তেওঁলোকে জানে। নিশা মম জ্বলাই আমিও কৰিছিলোঁ। প্লেনচিটত বটলৰ সোপাত আঙুলিথৈ তিনিচাৰিজনে একান্ত মনে সেই আত্মাটোৰ কথা ভাৱে। যেতিয়াই সকোলোৰে চিন্তা লগহৈ এটা কেন্দ্রত উপস্থিত হয় তেতিয়া আঙুলিটো কঁপি উঠে আৰু লিখা প্ৰশ্নৰ উত্তৰত ঘুৰি ফুৰে। তিনিটামানতকৈ বেছি সুধিলে ইফালে সিফালে ঘুৰি ফুৰি আমনি পোৱা যেন দেখুৱাই।
#মৰসাহ😀
গুৱাহাটীৰ ভাৰাঘৰত থাকো। দাদাৰ নাইট ডিউটি সেয়েহে ৰাতি অকলে থাকো। সেইদিনা কি মন গ'ল ৰাতি অকলে মম জ্বলাই স্পিৰিট কল কৰিম বুলি লাগি গ'লো। মাদাৰ টেৰেচাক মাতিম। বহি আছো বটলৰ সোপাত আঙুলিলৈ। সময় গৈ আছে ......
হঠাতে পিছফালৰ পৰা কোনোবাই গতা মাৰি পেলাই দিলে। একে দৌৰে উঠি লাইটো জ্বলাই দিলো। পাকঘৰলৈ গৈ কটাৰীখন লৈ বিছনাত বহি আছোঁ। হঠাতে টেবুলত থাক থাককৈ থোৱা গানৰ কেচেট সোপা বাগৰি বিকট শব্দ এটা হ'ল। ভয়তে কাৰাটেৰ ভংগীমা দি কটাৰীখন লৈ থিয় হ'লো যেন যিয়েই নহওঁক কাটিম। যতে বাঘৰ ভয় ততে ৰাতি হয়। লাগিল নহয় পেচাব কৰা। ভয়ে ভয়ে কটাৰীখন লৈ দুৱাৰ খুলি বাহিৰ পালো। ইফালে গাৰ নোম ডাল ডাল। পেচাব কৰি থাকোতে দেখিলোঁ কোনোবা এজনে গেটৰ ওপৰেৰে জাপ মাৰি পাৰ হৈছে। কোন বুলি একে কোবে চোঁচা ললো ..... এ মই মই। মাতটো বুজি পালোঁ নাইট ডিউটি কৰি ঘৰ সোমাইছে।
পিছত অভিজ্ঞতা থকা মানুহ এজনক কথাখিনি ক'লো। খুব গালি পাৰিলে আৰু ক'লে এইবিলাকৰ নিয়ম থাকে। প্ৰথমতে মাটিত বাউন্দেৰী আঁকি নিজকে প্ৰটেক্ট কৰা চিহ্ন দিব লাগে কাৰণ কেতিয়াবা ভাল স্পিৰিট কল কৰিলেও ওচৰে পাজৰে ঘুৰি ফুৰা বেয়া স্পিৰিটৰ কবলত পৰিব পাৰে। গতিকে নাজানিলে এইবিলাক নকৰাই ভাল।