মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত অঘটন। বন্যহস্তৰ ত্ৰাসৰ পৰা পৰিত্ৰাণৰ বাবে সংযোগ কৰা বিদ্যুত তাঁ‌ৰত সংস্পৰ্শ হৈ এজনৰ মৃত্যু মুখত পৰাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। হাতী -মানুহৰ সংঘাতৰ কৰুণ পৰিণতি। বন্যহস্তীৰ ত্ৰাসৰ পৰা পৰিত্ৰানৰ বাবে সংযোগ কৰা বিদ্যুত তাৰত সংস্পৰ্শ হৈ এজনৰ মৃত্যু মুখত পৰাৰ সন্দেহ। প্ৰাপ্ত খবৰ অনুসৰি লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰ কুঁহিয়াৰবাৰী গাৱঁত যুৱৰাজ চেত্ৰীৰ মালিকাধীন তথা বাসুদেৱ ঘিমিৰেৰ চাহ বাগিছাত এই অঘটন। বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবৰ বাবে অবৈধভাৱে সংযোগ কৰিছিল বিদ্যুত পৰিবাহী তাৰ। উক্ত তাৰত সংস্পৰ্শিত হৈ ৰাহুল চবৰ নামৰ স্থানীয় ২২ বছৰীয়া যুৱকে এজন কৰুণ মৃত্যুক সাৱতি ল’লে। ইতিমধ্যে বিদ্যুত বিভাগে লেখাপানী থানাত ঘটনাৰ সম্পৰ্কত বিশেষকৈ অবৈধ বিদ্যুত সংযোগৰ সম্পৰ্কত এজাহাৰ দাখিল কৰিছে। অন্যহাতে ঘটনাটো গাপ দিবৰ বাবে কেইবা লাখ টকাৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে। ৰাহুলৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে। 

বিঃদ্ৰঃ- লগত ফটো দিয়া হ’ল।