পৌৰ সভাৰ চাফাই কৰ্মীৰ বাবে আৱাস গৃহ প্ৰদান সম্পৰ্কে আলোচনাঃ নতুন প্ৰকল্পৰ বাবে ১০ বিঘা ভুমি আৱন্টনৰ নিৰ্দেশ।
নগৰ অঞ্চলৰ চাফাই অভিযান অধিক ত্বৰাণ্বিত কৰাৰ নিৰ্দেশ
বিশ্বনাথ চাৰিআলি, ২০ ডিচেম্বৰ :বিশ্বনাথৰ জিলা আয়ুক্ত আৰু বিশ্বনাথ চাৰিআলি পৌৰ সভা কৰ্তৃপক্ষৰ এখন যৌথ সভা আজি বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন, কাৰ্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত বিচিত্ৰা দাস, উপ পৌৰপতি দীপক শইকীয়া, পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ সকলৰ লগতে একাংশ কৰ্মচাৰীৰ মাজত অনুষ্ঠিত হয় এই যৌথ সভা।
সভাত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ চাফাই কৰ্মীৰ বাবে আৱাস গৃহ প্ৰদানৰ বিষয়ে বিস্তাৰিত ভাবে আলোচনা কৰা হয়। নগৰ খনৰ চাফাই কৰ্মী সকলৰ বাবে আৱাস গৃহ নিৰ্মানৰ বাবে পেটুলিবাৰীত ভুমি আৱন্টৰ কথাও আলোচনা হয়। জিলা আয়ুক্ত গৰাকীয়ে বিশ্বনাথৰ নগৰ অঞ্চলৰ চাফাই অভিযান অধিক ত্বৰাণ্বিত আৰু সুচাৰুপে আগবঢ়াই নিবলৈ কাৰ্যবাহী বিষয়াক নিৰ্দেশ দিয়ে।তেওঁ SWM(U) ৰ নতুন প্ৰকল্প স্থাপন কৰা সন্দৰ্ভতো আলোচনা কৰে আৰু ৰাজহ চক্ৰ বিষয়াক নতুন প্ৰকল্পৰ বাবে ১০ বিঘা ভুমি আৱন্টনৰ নিৰ্দেশ দিয়ে। নগৰ খনৰ AMRUT 2.0 প্ৰকল্পৰ বাবে ৩ বিঘা ভুমি আৱন্টৰৰো নিৰ্দেশ দিয়ে। উল্লেখ্য যে, জিলা আয়ুক্ত গৰাকীয়ে বিশ্বনাথ নগৰৰ বাসিন্দা সকলৰ গৃহ কৰ সংগ্ৰগৰ বিষয়টো পুংখানু পুংখ ভাৱে আলোচনা কৰি বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহনৰ আহ্বান জনায়। তেওঁ প্ৰয়োজনত জৰিমনা আৰু ৰেহাইৰ ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ দিয়ে।