মৈৰাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ সংবাদমেল।

খালিদ আহমেদ, মৈৰাবাৰী, ১৩ ছেপ্তেম্বৰ:- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে অহা ১৭ তাৰিখে সমগ্ৰ অসমত এক লাখ চৰকাৰী আবাস গৃহৰ আধাৰশিলা স্থাপন কৰা হব।আজি মৈৰাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে সংবাদমেল যুগে এই কথা সদৰী কৰে।

👉🏿PMAY-G অধীনত মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ১৭ টা গাঁও পঞ্চায়তত মুঠ ৭১৩ টা আবাস গৃহৰ আধাৰশিলা স্থাপন কৰা হব বুলি উল্লেখ কৰে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে।

গাঁও পঞ্চায়ত সমূহ ক্ৰমে-বেচামাৰি-৯ টা, বৰভেটি-২৬ টা, বৰবৰী-২৭ টা, বৰছাপৰি-৪৪ টা, দাঁতিয়ালবৰী-৫২ টা, দলৈগাঁও-৩৮ টা, গৰীয়াবৰী-৪৫ টা, হাতীমূৰীয়া-৫ টা, লহকৰ গাঁও-৬৪ টা,লালিপথাৰ-৬৩ টা, লেংৰিবৰী-৩৫ টা, লোচনাবৰী-৮৬ টা, মৈৰাবাৰী-২৬ টা, মৈৰাধজ-৪২ টা, নিজ ধিং-২২ টা, তাঁতীকটা-৬৫ টা, উলুবাৰী-৬৪ টা ঘৰৰ আধাৰশিলা স্থাপন কৰা হব।