উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ মঝুই নৈত ৫ গৰাকী ছোৱালীক নদীৰ প্ৰৱল সোঁতে উটুৱাই নিয়াৰ খবৰ আহিছে। লাভ কৰা খবৰ অনুসৰি এতিয়ালৈকে চাৰিগৰাকী ছোৱালীৰ মৃতদেহ উদ্ধাৰ হৈছে।

আন এগৰাকী ছোৱালীক উদ্ধাৰৰ বাবে স্থানীয় গাঁওবাসীয়ে অভিযান চলাই আছে।

জানিব পৰা মতে, ছোৱালী কেইজনীয়ে অইন দিনাৰ দৰে আজিও নৈত গা ধুবলৈ গৈছিল। গা ধুই থকা অৱস্থাতে নদীৰ সোঁতত উটি যায় ছোৱালী কেইজনী।

হুলস্থুল লগাত নৈৰ ওচৰতে থকা গাঁৱৰ একাংশ লোকে ছোৱালী কেইজনীক বচাবলৈ উদ্ধাৰ অভিযান চলাই যদিও প্ৰাণ বচাবলৈ সক্ষম নহ’ল।

অত্যন্ত কৰুণ ঘটনাটো সংঘটিত হোৱাত গাঁওখনত এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগতে অঞ্চলজুৰি শোকাৰ বন্যা বোৱা পৰিলক্ষিত হৈছে।