শোণিতপুৰ জিলাৰ বিন্দুকুৰি কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে ড্ৰো'ণৰ সহায়ত কৃষি পথাৰত সাৰ ( নেন' ইউৰিয়া ) প্ৰয়োগ কৰাৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।

অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা এই পদ্ধতিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ মাননীয় উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প চমুকৈ APART, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উত্তৰ পূৱ আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষন প্ৰতিষ্ঠান, IFFCO আৰু বি চি এছ ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন, জিলা কৃষি বিভাগ, ICCOA আৰু বিন্দুকুৰিৰ মজিয়া কৃষি উৎপাদক গোটৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ পি পি ৰাও, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, IFFCO ৰ উপ মহা প্ৰৱন্ধক বেদ পাল, আৰু Beyer Company ৰ খাদ্য শৃংখল প্ৰৱন্ধক নন্দিনী মণ্ডল, জিলা কৃষি বিষয়া পংকজ শইকীয়া, ICCOA ৰ জিলা বিষয়া কিশোৰ বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অংগনা শৰ্মা, মহকুমা কৃষি বিষয়া ( উদ্যান শস্য) প্ৰাঞ্জল শৰ্মা, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ড০ খনীন্দ্ৰ বৰ্মন, প্ৰনৱ বৰাৰ লগতে উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি । ড্ৰোণৰ যোগেদি কৃষি পথাৰত পৰীক্ষামূলকভাৱে নেন' ইউৰিয়া প্ৰয়োগৰ পাছতে কৃষকসকলৰ এই পদ্ধতিৰ বিষয়ে প্ৰদান কৰা হয় এক প্ৰশিক্ষণ । উল্লেখযোগ্য যে ১০ লিটাৰ নেন' ইউৰিয়া কঢ়িয়াই লৈ যাব পৰা ড্ৰো'ণখনে ৬ পৰা ৮ মিনিটৰ ভিতৰত তিনি বিঘা কৃষি পথাৰত নেন' ইউৰিয়া প্ৰয়োগ কৰিব পাৰিব। উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড০ পি পি ৰাৱে সদৰি কৰা অনুসৰি এই অত্যাধুনিক ড্ৰো'ণখন ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা উপলব্ধ হোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এই ড্ৰো'ণখন বিনামূলীয়াকৈ আৰু কৃষি উৎপাদক গোটসমূহে ৮০% ৰেহাই মূল্যত লাভ কৰিব ।