এইবাৰ চাইবাৰ অপৰাধীৰ কৱলত হোজাইৰ উপায়ুক্ত ৷ 

হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত কোনো দুৰ্বৃত্বই খুলিছে ৱাটচ এপ একাউন্ট ৷ 

7718704137 নম্বৰটোৰে উপায়ুক্তৰ নামত খোলা হৈছে ৱাটচ এপ একাউন্ট ৷ 

 তেওঁৰ ফটো সংলগ্ন কৰি খোলা হৈছে এই একাউন্টটো ৷ 

এই কথা সামাজিক মাধ্যমত অৱগত কৰিছে হোজাইৰ উপায়ুক্ত গৰাকীয়ে ৷ 

এই ঘটনাক কেন্দ্ৰ কৰি হোজাইৰ বিভিন্ন দল সংগঠনাৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ 

সকলোকে সাবধান হৈ থকাৰ লগতে দোষিক কৰায়ত্ব কৰাৰো দাবী দল সংগঠনৰ নেতৃত্বৰ ৷