বকোৰ শিংৰাৰ সমীপৰ শালনীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ছুইফটে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এডাল শাল গছত খুন্দিওৱাৰ ফলত এজন লোক নিহত হোৱাৰ এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাটোত নিহত হোৱা যুৱকজনক তৰুণ ৰাজবংশী বুলি চিনাক্ত কৰিছে। মৃত যুৱকজনৰ ঘৰ ছয়গাঁৱৰ চৌধুৰীখাট নেপালী পাৰাত।
ইফালে আঘাতপ্ৰাপ্ত যুৱতীগৰাকী বকোৰ খেনাপাৰাৰ গৰীমা ৰাভা বুলি জানিব পৰা গৈছে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গৰীমা ৰাভাক গুৱাহাটী চিকিয়া মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে, বকো অভিমুখী দুৰ্ঘটনাত পতিত ছুইফটখনৰ নম্বৰ এ এছ ০১ এফ এ ৭০১৮।