তেজপুৰত এক কৰুণ হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ঐতিহাসিক দৰং মহাবিদ্যালয়ত। নামভৰ্তিৰ বাবে শাৰী পাতি থকা এজন ছাত্ৰৰ হঠাৎ মৃত্যু ঘটে । তেজপুৰ কলিবাৰীৰ নিবাসী গোলাপ বৰাৰ পুত্ৰ ভাৰ্গব জ্যোতি বৰাৰ আকস্মিক মৃত্যু ঘটে মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে অপেক্ষাৰত শাৰী পাতি থকা অৱস্থাত ঢলি পৰি চিকিৎসালয়ত মৃত্যু। 

আজি দৰং মহাবিদ্যালয়ৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰীয়ে যোগ্যতাৰ ভিত্তিত নিজৰ নাম সন্নিবিষ্ট হোৱাত প্ৰ পত্ৰ দাখিল আৰু নামভৰ্তিৰ বাবে প্ৰায় ২ হাজাৰ ছাত্ৰ ছাত্ৰী একগোট হৈছিল ।

পুৱাৰ পৰা লানি নিছিগা ভিৰৰ মাজত শাৰী পাতি প্ৰখৰ ৰ'দত থিয় হৈ থাকি মাত্ৰ ৪০০ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ বিয়লি ৩ বজালৈকে সম্পূৰ্ণ হয় বুলি জানিব পৰা গৈছে । এই সময়তে এগৰাকী তেজপুৰৰ ছাত্ৰ ভাৰ্গব জ্যোতি বৰা (১৯)  হঠাৎ  মূৰ ঘূৰাই ঢলি পৰাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনাত চিকিৎসকে তেজপুৰ ব্যপ্তিষ্ট খ্ৰীষ্টান মিছনেৰী হাস্পাতাললৈ প্ৰেৰণ কৰে যদিও মিচনেৰী চিকিৎসালয় পোৱাৰ পূৰ্বে পথতেই মৃত্যু হয় বুলি চিকিৎসকে জানিব দিয়ে । অত্যন্ত গৰমত মহাবিদ্যালয় খনৰ মূল দ্বাৰৰ পৰা অডিটেৰীয়ামলৈ ৰ'দত  ছাত্ৰ ছাত্ৰীয়ে লানি নিছিগা ভিৰৰ মাজত থিয় হৈ থাকিবলগীয়া হয় ছাত্ৰ ছাত্ৰীয়ে ।

আনহাতে মহাবিদ্যালয় কৰ্তৃপক্ষই এদিনত কিমান ছাত্ৰ ছাত্ৰীৰ প্ৰ-পত্ৰ গ্ৰহণ আৰু  নাম ভৰ্তি কৰোৱা হব তাৰ কোনো আগতীয়াকৈ জাননী জাৰি কৰা নাছিল । ছাত্ৰ গৰাকীৰ পিতৃ এগৰাকী অসম আৰক্ষীত কৰ্মৰত জোৱান ।