এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছাত পৱিত্ৰ কৰম পূজা উদ্‌যাপন সদৌ অসম কুঁডুখ (ওৰাং) ছাত্ৰ সন্হা আৰু বিহপুখুৰী ৰাইজৰ উদ্যোগত কৰম নৃত্য প্ৰতিযোগিতা অসমৰ তথা এছিয়াৰ সৰ্ববৃহৎ মোনাবাৰী চাহ বাগিছাত ৭০দশক ধৰি ভাদ মাহৰ শুল্ক পক্ষৰ একাদশী দিনাৰ আৰম্ভ হয় | সাত দিন পূজা কৰি ৮ নং দিনা কৰম গছ বিসৰ্জন দিয়া পৰম্পৰাগত ভাৱে। আয়োজক সমিতিৰ ৰবীন ঘাটোৱাৰে কয় যে কৰম পূজা এক কৃষি ভিত্তিত পূজা যি আদিবাসী জনগোষ্ঠীৰ এক ডাঙৰ উৎসৱ। এই উৎসৱ অসমৰ সকলো চাহ জনগোষ্ঠীয়ে উলহ-মালহৰে উদ্ যাপন কৰে। আয়োজক সমিতিৰ বিশ্বনাথ মহাতোয়ে সকলো কৰম নৃত্য প্ৰতিযোগী দল সমূহক ধন্যবাদ দি সকলো অসমবাসী লৈ কৰম পূজা শুভেচ্ছা জ্ঞাপন কৰে। সদৌ অসম কুঁডুখ (ওৰাং) ছাত্ৰ সন্হা আৰু বিহপুখুৰী ৰাইজৰ উদ্যোগত কৰম নৃত্য প্ৰতিযোগিতা প্রথম স্থান লাভ কৰে গেৰুৱাকৰি কৰম দল দ্বিতীয় স্থান লাভ কৰে পূৱ জিনজিয়া কৰম দল আৰু তৃতীয় স্থান লাভ কৰে নাচবৰ কৰম দল। বিচাৰক ৰুপে থাকে শ্রী গুলক কর্মী; বাতিৰাম ওৰাং; ভীমা ভূঞা আৰু নাৰায়ণ দাস।