ৰঙিয়াৰ এখন বিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে ৰাইজে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষকৰ ওপৰত ক্ষোভিত হৈ ৰাইজে উত্তাল কৰি তোলে বিদ্যালয়খনৰ পৰিৱেশ। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকী প্ৰতিদিনে পলমকৈ বিদ্যালয়লৈ অহা অভিযোগ। আনফালে সহকাৰী শিক্ষক বসন্ত কুমাৰ বণিয়াই ছাত্ৰ-ছাত্ৰী সকলক চোৰ, ডকাইত বুলি সম্বোধন কৰাৰ অভিযোগ ৰাইজৰ। 

ৰঙিয়াৰ পীতাম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিমানী কলিতা আৰু সহকাৰী শিক্ষক বসন্ত কুমাৰ বণিয়াক ৰাইজে বিদ্যালয়খনত ঘেৰাও কৰি জবাবদিহি কৰে। সহকাৰী শিক্ষক বসন্ত কুমাৰ বণিয়াই ছাত্ৰ-ছাত্ৰী সকলক কিয় চোৰ, ডকাইত বুলি সম্বোধন কৰে বুলি উত্তেজিত ৰাইজে প্ৰশ্ন কৰাত শিক্ষক বসন্ত কুমাৰ বণিয়াই ভগৱান, কোৰাণ, মহাভাৰতৰ শপত খাই কয় যে তেওঁৰ খং উঠিলে ছাত্ৰ-ছাত্ৰীক কোবায় কিন্তু চোৰ, ডকাইত বুলি সম্বোধন নকৰে।  

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে লগতে অভিযোগ কৰে যে বসন্ত কুমাৰ বণিয়াই ইংৰাজী পঢ়াবা নোৱাৰে। ইংৰাজীৰ পৰিবৰ্তে বসন্ত কুমাৰ বণিয়াই মাজে মাজে অংকৰ পাঠদান কৰে। ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ এই অভিযোগৰ পিছতে বসন্ত কুমাৰ বণিয়া নামৰ শিক্ষক গৰাকীয়ে মূৰটো ঘূৰোৱা বুলি আঁতৰি যায়। ইফালে প্ৰতিদিনে পলমকৈ বিদ্যালয়লৈ অহা প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে কয় যে সদায় পলম নহয়, কেতিয়াবা কেতিয়াবাহে হয়। 

ৰাইজৰ অভিযোগৰ পিছত প্ৰধান শিক্ষয়িত্ৰী হিমানী কলিতাই এতিয়াৰে পৰা সময় মতে বিদ্যালয়লৈ আহিব বুলি কয়। প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে লগতে কয় যে বিদ্যালয়খনত ৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিবৰ্তে মাত্ৰ দুজন শিক্ষক থকাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে। ইফালে ৰাইজে বিদ্যালয়খনৰ পৰা অতি শীঘ্ৰে প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষক গৰাকীক বদলি কৰাৰ দাবী জনায়।