গোলাঘাটত জিলা ধঁপাত নিয়ন্ত্ৰণ কেন্দ্ৰ, গোলাঘাটৰ উদ্যোগত আইন বলৱৎকাৰী সকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়। গোলাঘাট নগৰৰ অলংকাৰ বিবাহ ভৱনত অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব জ্যোতিস্মিতা শৰ্মাই। গোলাঘাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা নডেল বিষয়া ডাঃ সুনিতা এক্কাই উদ্দেশ্যব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত গোলাঘাট শিশু কল্যাণ সমিতিৰ অধ্যক্ষা ড০ লুকুমণি গোস্বামী, বিশিষ্ট শিক্ষাবিদ দীনেশ গগৈ, বিশিষ্ট চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা, বিশিষ্ট পৰিৱেশকৰ্মী তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, সমাজসেৱিকা অপৰাজিতা বৰুৱা  উপস্থিত থাকে। 
আজিৰ এই অনুষ্ঠানত অনুষ্ঠানত আৰক্ষী বিষয়া, এনজিঅ’সমূহৰ বিষয়বীয়ায়া, বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধানসকল, এনচিচিৰ কেডেট, স্বাস্থ্যকৰ্মী সকলে অংশ লয়।