শালকাঠনি চাহ বাগিচাৰ ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ

সোণাৰি সাপেখাতীৰ শালকাঠনি চাহ বাগিছাত নৃশংস হত্যাকাণ্ডত জড়িত লোকক বিচাৰি আৰক্ষীৰ অভিযান।মংগলু তাতী নামৰ  লোক জনক ৰাইজে গণ প্ৰহাৰ কৰি হত্যা কৰাৰ পাছতে পুৱতি নিশা চৰাইদেউ জিলা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে অভিযান চলাই ঘটনাৰ সন্দৰ্ভত শালকাঠনি চাহ বাগিচাৰ ধুবি লাইনৰ দুই ভাতৃ খগেন তাঁতী আৰু ৰমেশ তাঁতীক সোধপোছৰ বাবে আটক সাপেখাতী আৰক্ষীৰ। ইয়াৰ পাছতে দুই যুৱকক মুকলি কৰি দিয়াৰ দাবী জনাই থানা সন্মুখত শ্ৰমিক সকলে উতপ্ত পৰিস্তিৰ সৃষ্টি কৰে।