নুমলীগড়ত বেংকৰ CSP লুণ্ঠন। অভিযোগ বহু দৰিদ্ৰ লোকৰ ধন আত্মসাতৰ। গোলাঘাট জিলা উপায়ুক্তক অভিযোগ । 

গ্ৰাম্যাঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে বেংক সমূহে স্থাপন কৰে গ্ৰাহক সেৱা কেন্দ্ৰ ।প্ৰতিটো বেংকেই গাঁও অঞ্চলৰ ৰাইজৰ চিন্তা কৰি স্থাপন কৰা একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালকে দুখীয়া ৰাইজ তথা গ্ৰাহকক দি আহিছে ৰামঠগণ । এইবাৰ ফলঙনি গাঁও পঞ্চায়তৰ কৰতীপাৰ অঞ্চলত থকা পঞ্জাৱ নেচনেল বেংকৰ CSP টোত ৰুলি বেগম নামৰ মহিলা গৰাকীয়ে দীৰ্ঘদিন ধৰিগ্ৰাহকক চলাই আহিছে লুণ্ঠন । হৰলুকী কৰি আহিছে হাজাৰ হাজাৰ টকা দুখীয়া ৰাইজৰ । এই বিষয়ে ভুক্তভোগী গ্ৰাহক সকলে গোলাঘাট জিলা উপযুক্তক অভিযোগ দি  আহিছিল । এতিয়া প্ৰশ্ন হয় ইমানৰ পিছত বেংক কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে হব লক্ষণীয় ।