গহপুৰ হেলেম ৰাজহ চক্ৰৰ অৰ্ন্তগত কাৰিবিল শ্ৰী গংগা গো শালাত গোধন সমূহৰ মাজত বিভিন্ন সময়ত গোধনৰ বিপৰীতে খাদ্যৰ অনুপাত কমি আহিছে। বিশ্বনাথৰ ভিতৰতে একমাত্ৰ গোশালাখনত বৰ্তমাণ একহাজাৰ এশ পঞ্চলিছটা গো ধন আছে। ধ্যাণ ফাউণ্ডেচনৰ উদ্যােগত পৰিচালিত হোৱা গোশালাখনত ধ্যাণ ফাউণ্ডেচনৰ বিষয়া টি:এন:চন্দ্ৰাণীৰ নেতৃত্বত ৰাইজৰ সহযোগত যিমান পাৰে গোধনৰ খাদ্য যোগান ধৰি আহিছে;লগতে চৰকাৰৰ তৰফৰ পৰাও মাজে মাজে খাদ্য যোগান ধৰিছিল যদিও সেইখিনি পৰ্যাপ্ত নহয়।কাৰন গোধনৰ বিপৰীতে খাদ্যৰ অনুপাত তেনেই তাকৰ। লগতে এই শ্ৰী গংগা গোশালাৰ সভাপতি বিশিষ্ট সমাজকৰ্মী শংকৰ লাল আগৰৱালাইও গোঁশালাখনৰ উন্নতিৰ হকে যথেষ্টখিনি কাম কৰি আহিছে। পূৰ্বতে যথেষ্ট দাঙ বৰঙনিৰ জৰিয়তে গোধনৰ খাদ্য লাভ কৰি আহিছিল যদিও বৰ্তমাণ দাঙ বৰঙনিও কমি আহিছে।ধ্যাণ ফাউণ্ডেচনে সীমিত সুবিধাৰে যিমাণখিনি পাৰে কৰিছে কিন্তু এই গোশালাখনিত চৰকাৰৰো যথেষ্ট কৰনীয় আছে। গোধন সমূহ বৰ্তমান ৰোগতো পৰা পৰিলক্ষিত হৈছে;চিকিৎসা লাভ কৰে যদিও যি ধৰনে চিকিৎসা সেৱা গোধনে পাব লাগে;গাই সমূহৰ অৱস্থা দেখিলে উপুযুক্ত চিকিৎসা নোপোৱাযেন অনুমান হয়;কাৰন এফালৰ পৰা একাংশ গোধনৰ শুকাই খিনাই জকা ওলাই গৈছে।সেয়ে স্থানীয় ৰাইজে চৰকাৰ খনক অনুৰোধ জনাইছে যাতে গোধন সমূহক পাৰ্যমানে গোধনৰ খাদ্য যোগান ধৰি,উপযুক্ত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি গংগা গোশালা খনিত থকা গোধন সমূহক সঁকাহ প্ৰদাণ কৰে।