ৰাজ্যত বৃদ্ধি পাইছে তৃণমূল কংগ্ৰেছৰ গতিবিধি। নামনি অসমত শক্তিশালী ৰূপত উত্থান ঘটা তৃণমূল কংগ্ৰেছ দলটোত আজি শতাধিক লোকে যোগদান কৰে।

সোমবাৰে বৰপেটা জিলাৰ চেঙা বাগোদীত অসম টিএমচিৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত শতাধিক লোকে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে৷

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উপস্থিত হোৱাৰ পিছতে শতাধিক লোকে বাইক সমদল উলিয়াই সংগঠনিক শক্তি প্ৰদৰ্শন কৰে৷

এই সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত ৰিপুণে কয় যে “এতিয়া ৰাজ্যত তৃণমূল কংগ্ৰেছেই বিজেপিৰ একমাত্ৰ বিকল্প দল। তৃণমূল কংগ্ৰেছৰ বাহিৰে অন্য কোনো দলে বিজেপিক উৎখাত কৰিব নোৱাৰে। এই কথা ৰাইজে বুজি পাইছে। সেয়ে আমি যতেই গৈছো, তাতেই বিপুল সহাঁৰি লাভ কৰিছো”।

ইফালে ভিক্টৰ দাস, জেহাদী আৰু বদৰুদ্দিন আজমল সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। তৃণমূল কংগ্ৰেছৰ বাবে সংখ্যালঘু অঞ্চলত বদৰুদ্দিন আজমল ফেক্টৰ নহয় বুলি উল্লেখ কৰা ৰিপুণ বৰাই কয় যে “ভিক্টৰ দাসৰ ঘটনাই দেশবাসীৰ আগত অসমক লজ্জানত কৰিলে। আনহাতে মাদ্ৰাছা ভাঙি দিয়াৰ বাবে মূখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে মূখ্যমন্ত্ৰীয়ে আইন হাতত তুলি লৈছে।”