আগন্তুক দুৰ্গা পূজাৰ সময়ত শান্তি, শৃংখলা বৰ্তাই ৰাখি নিয়াৰিকৈ উদযাপন কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কেতবোৰ নিৰ্দেশনা জাৰি তথা ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি, পূজা আয়োজক সমিতি সমূহে পূজা মণ্ডপত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি স্বচ্ছ ভাৰত অভিযানৰ পোষ্টাৰ আৰু বেনাৰ, জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ সকলোৱে দেখা কৈ প্ৰদৰ্শিত কৰিব লাগিব ৷ 

এই নিৰ্দেশনা অনুসৰি, পথৰ ওপৰত কোনো ধৰণৰ অস্থায়ী পূজা মণ্ডপ / ৰভা স্থাপন কৰিব নোৱাৰিব । 

পূজা মণ্ডপ উদ্বোধনৰ সময়ত আৰু বিসৰ্জনৰ সময়ত ৫ৰ পৰা ১০ গৰাকী লোকক হে সমবেত হ'বলৈ অনুমতি দিয়া হৈছে। বিসৰ্জনৰ সময়ত প্ৰতিমা সমূহ পূজা মণ্ডপৰ পৰা পোনে পোনে বিসৰ্জন ঘাটলৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ পূজা সমিতি সমূহক নিৰ্দেশ দিয়া হৈছে । বিসৰ্জন ঘাটত নিয়োজিত প্ৰতিগৰাকী স্বেচ্ছাসেৱক সকলে তৃতীয় পালি কোভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক কৰা হৈছে। 

ইয়াৰোপৰি পূজা মণ্ডপ সমূহৰ ভিতৰত পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে চি চি কেমেৰা স্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু প্ৰত্যেক পূজা সমিতিয়ে বিসৰ্জন ব্যৱস্থাৰ বাবে ১২০০ টকা আদায় দিয়াটো নিৰ্দ্ধাৰণ কৰা হৈছে ৷ 

ভক্ত সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত গৰাকীয়ে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই অনুসৰি - পূজা মণ্ডপত প্ৰৱেশ আৰু প্ৰস্থানৰ পথ মহিলা আৰু পুৰুষৰ বাবে পৃথকে পৃথকে ব্যৱস্থা কৰিব লাগিব; পূজা আয়োজক সমিতিয়ে যথেষ্ট সংখ্যক স্বেচ্ছাসেৱক ৰাখিব লাগিব; ভক্তসকলৰ প্ৰয়োজন সাপেক্ষে সহায় হোৱাকৈ একোখন সহায়ক কক্ষ স্থাপন কৰিব লাগিব ; সকলো পূজা মণ্ডপতে অগ্নি নিৰ্পাবক সামগ্ৰী উপলব্ধ ৰখাটো বাধ্যতামূলক; সূৰ্য অস্ত যোৱাৰ আগতে বিসৰ্জন প্ৰক্ৰিয়া সমাপ্ত হব লাগিব ; উপায়ুক্ত কাৰ্যালয়ৰ পৰা লাভ কৰা অনুমতি পত্ৰ প্ৰত্যক্ষ কৰাৰ পিছতহে বিদ্যুৎ বিভাগে পূজা মণ্ডপ সমূহত বিদ্যুৎ সংযোগ কৰিব পাৰিব ৷ এই দূৰ্গা পূজা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰক্ষী বিভাগে প্ৰয়োজন সাপেক্ষে সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়াৰ লগতে জিলা প্ৰশাসনৰ ৯৪৩৫৩৭১৬৭২ / ০৩৭১২-২২০১০০ আৰু আৰক্ষীৰ ৭০৮৬৯৯৩৮৯৮ নম্বৰৰে নিয়ন্ত্ৰণ কক্ষৰ মুকলি কৰিছে ৷ জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰা এই নীতি নিৰ্দেশনা সমূহ সকলো পূজা আয়োজক সমিতিৰ লগতে জিলাখনৰ জনসাধাৰণক পালন কৰি সহযোগিতা আগবঢ়াবলৈ শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আহবান জনাইছে।