ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পূৰ্বে অৰ্থাৎ চলিত মাহৰ ৩০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ যাত্ৰীসকলে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ওচৰত উৰণীয়া সেঁতু লাভ কৰিব।

উল্লেখ্য যে ক'ভিড মহামাৰীৰ সময়ত এই ফ্লাই অভাৰখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল।

লক্ষণীয়ভাৱে, ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ খেলখন।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আমি নিৰ্মাণ কাৰ্যকলাপ ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লৈছো আৰু বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ খেলৰ পূৰ্বে উৰণীয়া সেঁতু ৰাইজৰ বাবে সাজু হ'ব"।