কাজিৰঙাৰ কঁহৰাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান- গোলাঘাট শাখা, গোলাঘাট জিলা গ্ৰাম্য উন্নয়ন সংস্থা আৰু পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ উদ্যোগত আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত স্থাপন কৰা "অসমী হাট" বিপণীসমূহ ৩০ জুলাইত কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰিলে "অসমী হাট"।
কাজিৰঙা পৰ্যটনৰ অন্যতম অভিকেন্দ্ৰ স্বৰূপ কাঁহৰাত হস্ততাঁত আৰু হস্তশিল্প বজাৰৰ অপৰিসীম সম্ভাৱনা আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা "অসমী হাট" বিপণীসমূহত মহিলা আত্মসহায়ক গোটসমূহৰদ্বাৰা প্ৰস্তুত কৰা থলুৱা হস্ততাঁত বস্ত্ৰ আৰু অন্য সামগ্ৰী বিক্ৰী কৰা হ'ব। উক্ত বিপণী মুকলি অনুষ্ঠানত উপস্থিত থাকি কৃষি মন্ত্ৰী অতুল বৰাই "অসমী হাট" ৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক স্ব-নিযুক্তিৰ সুযোগ লাভ কৰাত অধিক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালিকা কৃষ্ণা বৰুৱা, গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, নুমলীগড় ৰিফাইনেৰী লিমিটেড (চি এছ আৰ)ৰ মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈ, জিলা গ্ৰাম্য উন্নয়ন সংস্থাৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য্য বৰা, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেবপ্ৰদীপ বৰা, অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য যতীন নাথ প্ৰমুখ্যে পঞ্চায়ত প্ৰতিনিধিসকল, বিষয়াসকল, জীৱিকা সখী, মহিলা আত্মসহায়ক গোটৰ সদস্যাসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
 
  
  
  
   
   
  