জাগীৰোডৰ ঝাৰগাৱত মন কী বাত অনুস্থানত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে চৰকাৰৰ ইচ্ছা থকা বাবে জেহাদী আটক কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে আৰু কয় যে ৰফিকুল ইছালম ,আমিনুল ইছলামে জেহাদীয়ো বিচাৰে মাদ্ৰাছাও বিচাৰে ৷ গতিকে তেওলোক ভাৰত বিৰোধী এই কথা স্পষ্টকৈ প্ৰকাশ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

দেওবাৰে জাগীৰোডৰ ঝাৰগাৱ গাওঁ পঞ্চায়ৰ ১৪৯ নং বুথে আয়োজন কৰা মন কী বাত অনুস্থানত মন্ত্ৰী পীযুষ হাজিকাৰ লগতে ঝাৰগাওঁ অঞ্চলৰ লোক সকলে প্ৰধানমন্ত্ৰীৰ মন কী বাত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সকলোৱে শুনিলে ৷ অনুস্থানটোত মনহা,ঝাৰগাওঁ,জাগী ভকতগাঁও ,বুৰাবুৰী আদি অঞ্চলৰ লোক সকল উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ মন কী বাত শান্তি পূৰ্ণ ভাবে শুনা দেখা গ’ল ৷