আগন্তুক ৯,১০ আৰু ১১ অক্টোবৰত আয়োজিত হ'ব গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান।অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰাক্তন সাধাৰণ সম্পাদক বৈঠক।বৈঠকত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকৰ দ্বায়িত্ব লাভ কৰা কেইবাগৰাকীও সাধাৰণ সম্পাদক উপস্থিত থাকে।মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ প্ৰথম গৰাকী সাধাৰণ সম্পাদক অশোক শ‌ইকীয়াৰ লগতে প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰদীপ গোস্বামী,চৈয়দ মুমিনুল আৱাল,যতীন্দ্ৰ কুমাৰ গগৈ,হৰেন দাসকে ধৰি সমূহ সাধাৰণ সম্পাদকৰ উপস্থিতিত গঠন কৰা হয় প্ৰাক্তন সাধাৰণ সম্পাদক সমিতি।উক্ত সমিতিয়ে সোণালী জয়ন্তী অনুষ্ঠানত কেইবালানিও কাৰ্যসূচী সম্পাদন কৰাৰ লগতে অনাগত দিনতো মহাবিদ্যালয়ৰ লগত উতপ্ৰোতভাৱে জড়িত থকাৰ সংকল্প লয়।উল্লেখ্য যে অগপৰ প্ৰতিষ্ঠাকালীন বিষয়ববীয়া প্ৰদীপ গোস্বামী,সংখ্যালঘু উন্নয়ন বৰ্ডৰ সভাপতি চৈয়দ মমিনুল আৱালো প্ৰাক্তন সাধাৰণ সম্পাদকৰ ভিতৰত অন্যতম।সোণালী জয়ন্তী অনুষ্ঠানত মহাবিদ্যালয় কৰ্তৃপক্ষক আৰ্থিকভাৱে সহযোগিতা আগবঢ়াব বিচৰা ইচ্ছুক সদাশয় ৰাইজলৈ মহাবিদ্যালয়ে মুকলি কৰিছে এক একাউণ্ট নম্বৰ।যিকোনো ধৰণৰ বৰঙণিৰ বাবে একাউণ্টযোগে আগবঢ়াবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষই আহ্বান জনাইছে।উক্ত একাউণ্ট নম্বৰটো হৈছে :Golden jubilee Golaghat commerce college

AC No 41087613466