ধেমাজিৰ পলিটেকনিক কলেজৰ কৰ্মচাৰীয়ে বিগত ১১ মাহে দৰমাহ নোপোৱাৰ প্ৰতিবাদত অনাদিষ্টকালিন কৰ্মবিৰতি কাৰ্যসূচী

শম্ভু দাস চিলাপথাৰ, ১২ ছেপ্টেম্বৰঃ অসমম চৰকাৰে ২০১৭ চনতে স্হাপন কৰা ১১ খন পলিটেকনিক কলেজ আৰু ২ ইঞ্জিনিয়াৰিং কলেজৰ মুঠ ৩৪৮ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চৰকাৰে বিগত ১১ মাহ ধৰি প্ৰাপ্য দৰমাহ মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত আজিৰে পৰা ৰাজ্যৰ ১১ খন পলিটেকনিক আৰু ২ খন ইঞ্জিনিয়াৰিং কলেজত নিয়োজিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে অনাদিষ্টকালিন কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰিছে। সমান্তৰালকৈ চিমেনচাপৰিস্হিত ধেমাজি পলিটেকনিক কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলেও পুৱাৰে পৰা হাতে হাতে প্লে-কাৰ্ড লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ । উল্লেখ্য যে কলেজ কেইখনত নিয়োজিত চতুৰ্থবৰ্গৰ কৰ্মচাৰীক চৰকাৰে দৰমাহৰ ধন মুকলাই নিদিয়াৰ বাবে সংশ্লিষ্ট কৃতপক্ষক আবেদন নিবেদন কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব দিয়া নাই বিভাগীয় কৃতপক্ষ তথা চৰকাৰে । যাৰ বাবে বিগত ১১ মাহ ধৰি দৰমাহ ধনৰ পৰা বঞ্চিত হৈ থকা কৰ্মচাৰীসকলে চৰম আৰ্থিক সংকটত দিন পাৰ কৰিবলগীয়া হৈছে। শীঘ্ৰেই চৰকাৰ তথা বিভাগীয় কৃতপক্ষক নিজৰ প্ৰাপ্য ধন মুকলি কৰি দিয়াৰ দাবী জনাইছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে।