ৰতনপুৰ লাহন শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষ : দিনত দিহানাম : নিশা 'দখল'
--------------------------------------------
উজনী মাজুলীৰ ৰতনপুৰ লাহনত কলা সংস্কৃতি চৰ্চাৰ উদ্দেশ্যে প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত কৃষ্টি সংঘ নামেৰে ৰংগমঞ্চ প্ৰতিষ্ঠা হয় । নানা প্ৰাকৃতিক দূৰ্যোগ পাৰ কৰি এই বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া অনুষ্ঠানটোৱে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সোণালী জয়ন্তি বৰ্ষ উদযাপন কৰিছে। যোৱা ১৩ মে'ৰ পৰা সোণালী জয়ন্তি বৰ্ষত ভৰি থোৱা কৃষ্টি কেন্দ্ৰই ১১ ছেপ্তেম্বৰত দিনযোৰাকৈ মহিলা সকলৰ মাজত দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই উপলক্ষে আজি পুৱা সংঘৰ চৌপাশ পৰিস্কাৰ কৰাৰ পিছত কৃষ্টি সংঘৰ পতাকা উত্তোলন কৰি ৰমেশ শৰ্মাই সকলো ৰাইজৰ সহযোগিতা আৰু অঞ্চলটোৰ সাংস্কৃতিক উন্নয়নৰ দিশটো সামৰি বক্তব্য ৷ দিনযোৰাকৈ ৩০ টা দিহানামৰ দলৰ দিহাৰে আকশ বতাহ মুখৰিত হৈ পৰে ৷ প্ৰতিযোগিতাৰ সঞ্চালনা কৰে বনমালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ দিনাৰাম বৰাই ৷ ডিম্বেশ্বৰ খনিকৰ , অজিত গায়ন , প্ৰসন্ন কাকতিয়ে দিহানাম প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে ৷ দিহানামত বোকাবিল মিছিং দিহানাম দলে প্ৰথম , ৰতনপুৰ দিহানাম দলে দ্বিতীয় আৰু কমাৰগাঁও ৰূপালী মহিলা দিহা নাম দলে তৃতীয় স্থান দখল কৰে ৷ নিচুকনি বটা লাভ কৰে ৰতনপুৰ গায়নৰ ছাত্ৰছাত্ৰী সকলে ৷ সংঘৰ সভাপতি ৰমেশ শৰ্মা আৰু সম্পাদক বিষ্ণুজ্যোতি বৰাই দিহানাম পৰিৱেশন কৰা সকলো মহিলা দলকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷ নিশালৈ স্থানীয় অভিনেতা - অভিনেত্ৰীৰ দ্বাৰা মঞ্চস্থ হোৱা সামাজিক নাটক 'দখলৰ' উদ্ধোধন কৰে মাজুলী বনগাঁও উদ্যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ আনন্দ শইকীয়াই ৷ স্থানীয় অভিনেতা সকলে অভিনয় কৰা নাটক খনে সকলোৰে মন জয় কৰা পৰিলক্ষিত হয় ৷
ইফালে উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে ঠিক এইদৰে ৩০ অক্টোবৰ লৈকে একাংকিকা নাট প্ৰতিযোগিতা , সামাজিক নাটক, বৰগীত, লোকগীত , দিহানাম ধৰি বিভন্ন সাংস্কৃতিক কাৰ্যসূচী তিনিদিয়াকৈ অনুষ্ঠিত কৰিব। উদযাপন সমিতিৰ সম্পাদক বিষ্ণুজ্যোতি বৰাই সোণালী জয়ন্তী বৰ্ষটো উদযাপনৰ ক্ষেত্ৰত সদৌ মাজুলীবাসী ৰাইজৰ সহায় সহযোগ বিচৰাৰ লগতে উক্ত প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণৰ বাবে আহ্বান জনাইছে।