ৰাজ্যজুৰি অসম চৰকাৰৰ ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগে বিতৰ্কৰ সৃষ্টি কৰা সময়তে আৰক্ষীৰ জালত পৰিছে চাকৰি দিয়া দালাল। দিশপুৰ আৰক্ষীয়ে দেওবাৰে নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰে ৭ জনকৈ চাকৰিৰ দালালক। 

এক গোপন খবৰৰ ভিত্তিত দিশপুৰ আৰক্ষীয়ে বৰবাৰীৰ জি ডি ল'জত অভিযান চলাই জলসম্পদ বিভাগত চাকৰি দিয়াৰ নামত ধন দাবী কৰা ৭ জনকৈ দালালক আটক কৰে। ধৃত দালাল কেইজন ক্ৰমে নয়ন চাইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, নুৰ ইছলাম আহমেদ, প্ৰাঞ্জল বৰ্মন, জয়ন্ত ডেকা আৰু জয়ন্ত দাস। 

ধৃত দালাল কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে লেপটপ আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে। দালাল কেইজনে বৰবাৰীৰ ল'জৰ ভিতৰত ভুৱা নিযুক্তিপত্ৰ তৈয়াৰ কৰিছিল বুলি আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়ে। এতিয়াও ৩ জন দালাল পলাতক অৱস্থাত আছে। ধৃত দালাল কেইজনৰ ২৬ হাজাৰ নিযুক্তি পদৰ লগত কোনো সম্পৰ্ক নাই বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।