গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ কাম-কাজৰ বুজ লয় । এই ভ্ৰমণকালত উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ বহিঃ ৰোগী বিভাগ, প্ৰসৱ কক্ষ আৰু প্ৰতিষেধক মজুত ৰখা ক'ল্ড চেইন পইণ্ট পৰিদৰ্শন কৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে স্বাস্থ্য আৰু চিকিৎসা সেৱা তথা জনসাধাৰণক প্ৰদান কৰা সুবিধাসমূহৰ বিষয়ে বিতংভাবে আলোচনা কৰে । চিকিৎসালয়খনৰ মাতৃ স্বাস্থ্য বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰি তেওঁ চিকিৎসালয় কৰ্তৃপক্ষক প্ৰসৱ কক্ষৰ বাহিৰত পাৰ্ট’গ্ৰাফ চাৰ্ট সঠিকভাৱে প্ৰদৰ্শন কৰিবলৈ আৰু নৱজাতকসকলক জন্মৰ সময়ত পাবলগীয়া প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বিশেষকৈ উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াগৰাকীক নিয়মীয়াকৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈও উপায়ুক্তই নিৰ্দেশ দিয়ে । ৰোগীসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়েও আলোচনাত স্থান পায় ।
কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াক নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শনৰ নিৰ্দেশ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/09/nerity_eb59efab330d1b04838151590affe38a.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)