যিকোনো মূহুৰ্ততে ভাগি পৰাৰ আশংকাত কম্পমান ৰোগীসকল,

বিধায়ক ভূৱন গামে চিকিৎসালয়ত প্ৰৱেশ কৰিও ভগ্ন অংশ পৰিদৰ্শন নকৰাকৈ উভতি যোৱা কাৰ্যত প্ৰতিক্ৰিয়া:

:মাজুলীবাসীয়ে সপ্তম সংখ্যক মাজুলী জিলা দিৱস উলহ মালহেৰে উদযাপন কৰাৰ সময়তে মাজুলীৰ অন্যতম বৃহৎ চিকিৎসালয় তথা উজনি মাজুলীৰ চিকিৎসাৰ একমাত্ৰ ভৰসাথলী জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ ৱালত বৃহৎ ভাঁট মেলা ঘটনাত কম্পমান হৈছে ৰোগীসকলৰ মাজত। উল্লেখ্য যে,পয়ালগা মাজুলীৰ স্বাস্থ্য খণ্ডক গতিশীলতা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে উজনি মাজুলীৰ জেংৰাইমুখত চাৰি কোটি নব্বৈ লাখ টকা ধনৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল জেংৰাইমুখ আদৰ্শ চিকিৎসালয়। মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০১৯ চনৰ ১২ নৱেম্বৰত আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱা মুকলি কৰে জেংৰাইমুখ আদৰ্শ চিকিৎসালয়খন। চিকিৎসালয়খন ৰাইজৰ সেৱাত মুকলি কৰাৰ মাত্ৰ তিনি বছৰৰ পিছতে অতি আচৰ্যজনকভাৱে প্ৰসূতি বিভাগৰ কক্ষৰ সমগ্র ৱাল এফালৰ পৰা ফাটি গৈ আছে। কক্ষটোৰ চাৰিওফালে ৱালত দেখা গৈছে বৃহৎ বৃহৎ আকাৰৰ ফাঁট। ফলত যিকোনো মূহুৰ্ততে ভাগি সৰি পৰাৰ পূৰ্ণ সম্ভাৱনা ঘনীভূত হোৱাৰ পিছত সেই কক্ষলৈ প্ৰৱেশ কৰিবলৈ ভয় কৰিছে চিকিৎসায়লৰ চিকিৎসক, নাৰ্চ, চিকিৎসা কৰ্মী তথা প্ৰসূতি ৰোগীসকলে। এইক্ষেত্ৰত নিৰ্মাণকাৰী সংস্থাই জেংৰাইমুখ আদৰ্শ চিকিৎসালয় নিৰ্মাণত কৰা চূড়ান্ত আসোঁৱাহ তথা বিসংগতিৰ বাবে মাত্ৰ তিনি বছৰৰ পিছতে ওলাই পৰিল জোলোঙাৰ মেকুৰী। মিচিং জাতীয় সংগঠন টিএমপিকে জেংৰাইমুখ আৰু চেৰপাই আঞ্চলিক সমিতিয়ে নিৰ্মাণৰত অৱস্থাত দেখা দিয়া কেতবোৰ অনিয়মৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছিল যদিও সংলিষ্ট বিভাগ তথা মাজুলী প্ৰশাসনে নিস্কৰ্মা ভূমিকা পালন কৰাৰ পৰিণতিত এতিয়া সাধাৰণ জনতাই ইয়াৰ দুৰ্ভোগ ভূগিছে। ইপিনে জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ত দেখা চিকিৎসক নাটনি সন্দৰ্ভত বুজ লোৱাৰ বাবে মাজুলীৰ স্হানীয় বিধায়ক ভূৱন গামে আজি পুৱা ১০-৩০ বজাত প্ৰৱেশ কৰে যদিও চিকিৎসালয়ৰ প্ৰসূতি কক্ষত ফাটি থকা দৃশ্য পৰিদৰ্শন নকৰাকৈ উভতি যোৱা কাৰ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজৰ সমস্যা মূল্যায়ন কৰিবলৈ চেষ্টা নকৰা কাৰ্যই স্বাভাৱিকতে বিমুখ কৰিছে জেংৰাইমুখবাসীক।