সমাগত দূৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। দূৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতি সমূহ সাজু হোৱাৰ সমান্তৰাল ভাৱে ডিব্ৰুগড় জিলা প্ৰশাসনো সাজু হৈছে শান্তিপূৰ্ণ ভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে। সমগ্ৰ ডিব্ৰুগড় জিলা খনতে দূৰ্গা পূজা অনুষ্ঠিত কৰাৰ কিছু নীতি নিয়ম সলনি হ'ব এইবাৰ। সেই সম্পৰ্কে ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰতিটো চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ নিদেৰ্শনা প্ৰেৰণ কৰিছে । ইয়াৰ পাছতে মৰাণৰ গাওঁ প্ৰধান ভৱনত মৰাণৰ চক্ৰ বিষয়াই মৰাণৰ সকলো পূজা সমিতিক লৈ বহিল আলোচনাত। মৰাণৰ চক্ৰ বিষয়া শ্ৰাৱনা সোনোৱালৰ উদ্যোগত অনুষ্ঠিত সভাত মৰাণৰ ন- পুৰণি সকলো পুজা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰাৰ লগত মৰাণ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই সভাতে মৰাণ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জিলা প্ৰশাসনৰ নিৰ্দেশ সমূহ অৱগত কৰে দূৰ্গা পূজা সমিতি সমূহক। এইবাৰ মৰাণৰ দূৰ্গা পূজা প্লাষ্টিক মুক্ত হ'ব । লগতে দেৱী বিসৰ্জনৰ সময়ত কোনেও ডি.জে বজাব নোৱাৰিব। এই নিয়ম অমান্য কৰিলে প্ৰশাসন কঠোৰ হ'ব বুলি জানিবলৈ দিছে মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে মৰাণৰ আৰক্ষী বিষয়া গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આત્મનિર્ભર ગુજરાત સહાય યોજનામાં કૌભાંડ તેના આધાર, સાક્ષી અને પુરાવા-આપ પાર્ટી .#gujarat_geeta_news_
આત્મનિર્ભર ગુજરાત સહાય યોજનામાં કૌભાંડ તેના આધાર, સાક્ષી અને પુરાવા-આપ પાર્ટી .#gujarat_geeta_news_
બાબરા માથી ૪૫ વર્ષીય મુળશંકરભાઇ તેરૈયા નામક ઈસમને નશીલી દવાઓની બોટલ નંગ ૪૦,૦૭૩ કિં.રૂ.૬૦,૧૦,૯૫૦ /- ના જથ્થા સાથે પકડી પાડતી અમરેલી એલ.સી.બી. ટીમ
અમરેલી જિલ્લામાં કફ સિરપ, અન્ય આયુર્વેદીક દવાઓના નામે આલ્કોહોલિક દવાઓનું ડોકટરશ્રીના...
100 Bed Hospital to be inaugurated on December 22, 2022
Mawkyrwat: The much-awaited 100 Bed Hospital at Mawkyrwat, South West Khasi Hills District which...
ডবকাত প্ৰবঞ্চক গ্ৰেপ্তাৰ
ডবকা আৰক্ষীৰ অভিযানত এটা কুখ্যাত প্ৰৱঞ্চক গ্ৰেপ্তাৰ । ধৃত প্ৰৱঞ্চকটোৰ নাম ছিৰাজুল হক । ডবকা...