বৰহাটত বিদ্যুৎ স্পষ্ট হৈ মৃত্যু হোৱা গৃহৰক্ষী বাহিনীৰ যুৱানক ৫০লাখ টকা দিবলৈ মুখ্যমন্ত্ৰীক সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ দাবী।

বৰহাটত বিদ্যুৎ স্পষ্ট হৈ মৃত্যু হোৱা গৃহৰক্ষী বাহিনীৰ যুৱানক ৫০লাখ টকা দিবলৈ মুখ্যমন্ত্ৰীক সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী বাহিনী,চৰাইদেউ জিলা সমিতিৰ সভাপতি বাবুল শৰ্মাই মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে।উল্লেগ্য যে চৰাইদেউ জিলাৰ বৰুৱা নগৰ অঞ্চলৰ কছাৰী পথাৰ গাঁৱত বৰুৱানগৰ, বৰহাট সংযোগী পথত পৰি থকা এডাল 440 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হেমন্ত গগৈ নামৰ গৃহৰক্ষী জোৱানজনৰ মৃত্যু হয়।

উল্লেখ্য যে সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত লংপতীয়া অঞ্চলৰ ১ নং হাওঁফাওঁ গাঁৱৰ নিবাসী প্ৰয়াত যোগেশ্বৰ গগৈৰ পুত্ৰ হেমন্ত গগৈ।

জানিব পৰা মতে সোণাৰি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত কৰ্ম সামৰি AS 33 4829 নম্বৰৰ super splender মটৰচাইকেলেৰে বৰহাট আৰক্ষী আৰক্ষী থানাৰ অভিমুখে আহি থকা অৱস্থাত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

২৭ বছৰীয়া হেমন্ত গগৈয়ে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, এটি ছবছৰীয়া সন্তান, মাক আৰু এজন ককায়েকক এৰি থৈ যায়।

বৰহাট আৰক্ষী থানাত আৰক্ষী জোৱান আৰু গৃহৰক্ষী বাহিনীৰ জোৱান সকলে এক মিনিট মৌন প্ৰাথনা কৰি শেষ শ্ৰদ্ধা জ্ঞাপন জনায়।