চৰাইদেউত বিদ্যুৎপৃষ্ঠহৈ গৃহৰক্ষী যোৱানৰ মৃত্যু

চৰাইদেউ জিলাৰ বৰহাট-বৰুৱানগৰ সংযোগী ৰুপশ্ৰী পথত কছাৰী পথাৰ গাৱঁ‌ত বৰহাট আৰক্ষী থানাত কৰ্মৰত অসম আৰক্ষীৰ এজন গৃহৰক্ষী জোৱান সাপেখাতী লংপটীয়াৰ নিবাসী হেমন্ত গগৈ(২৭)ৰ মৃত্যু হয় । প্ৰাপ্ত বাতৰি অনুসৰি বৰহাট আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান হেমন্ত গগৈয়ে সোণাৰি মহাবিদ্যালয়ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত সুচাৰুৰূপে কৰ্তব্য সামৰি বৰহাট আৰক্ষী থানাত পুনৰ নিজৰ কৰ্মস্থলীত যোগদান কৰিবলৈ বৰহাট আৰক্ষী থানালৈ AS33 4829 নম্বৰৰ  Hero Super Splendor মটৰচাইকেলেৰে আহি থকা অৱস্থাত ১১০০০ ভল্ট পৰিবাহী ওলমি থকা বিদ্যুৎ তাঁ‌ৰত লাগি যুৱকজনে মৃত্যুক আকোঁ‌ৱালি লব লগা হয় । মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ বিৰাজ কৰিছে । যোৱানিশা এই সমগ্ৰ অঞ্চলত প্ৰচণ্ড ধুমুহা বলিছিল, যাৰ ফলত এডাল ১১০০০ ভল্টৰ বিদ্যুৎ  পৰিবাহী তাঁ‌ৰ ওলমি পৰিছিল । উক্ত তাঁ‌ৰডালতে দুৰ্ঘটনা সংঘটিত হৈ জোৱান জনৰ মৃত্যু স্থানীয়লোকে ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে জোৱানজনৰ মৃত্যু হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে ।