চৰাইদেউ জিলাৰ মথুৰাপুৰত দুষ্পাপ্য লাজুকী বান্দৰ উদ্ধাৰ।
চৰাইদেউ জিলা মথুৰাপুৰৰ ভকত গাঁৱত যোৱা নিশা এটা দুষ্পাপ্য লাজুকী বান্দৰ উদ্ধাৰ হয়। জানিব পৰা মতে, গাঁৱখনৰ ৰাজা চাওৰা নামৰ লোকজনৰ বাসগৃহৰ সন্মুখত থকা এজোপা কল গছত লাজুকী বান্দৰটোৱে বিচৰণ কৰা স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰে ৷ পিছত স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠন চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিক এই খবৰ দিয়াত সমিতিৰ সদস্য অংকুৰ গগৈ আৰু মানস শ্যামে দুষ্পাপ্য লাজুকী বান্দৰটো উদ্ধাৰ কৰি আজি বন বিভাগৰ সহযোগত স্থানীয় চলা সংৰক্ষিত বনাঞ্চলত ইয়াক মুকলি কৰি দিয়ে।
 
  
  
   
  
  
   
   
  