সোণাৰিৰ সাপেখাতিত বিদ্যুৎপৃষ্ট হৈ প্ৰাণ হেৰুৱালে গৃহৰক্ষী জোৱানে।সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ পৰা কৰ্মস্থলীলৈ ৰাওনা হোৱাৰ পথত সংঘটিত হ'ল এই ঘটনা।পথত পৰি থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত তাঁৰত লাগি সংঘটিত হ'ল এই শোকাবহ ঘটনা।বিদ্যৎপৃষ্ট হৈ মৃত্যু হোৱা গৃহৰক্ষী জোৱান জনৰ নাম হেমন্ত গগৈ (২৮)।সাপেখাতী হাওঁফাওঁৰ বাসিন্দা হেমন্ত গগৈ বৰহাট আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত আছিল।নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত পথৰ ওপৰত পৰি আছিল বিদ্যুৎ পৰিবাহী তাঁৰডাল।

দেওবাৰে সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী উপস্থিত থকা মুকলি সভাত কৰ্ম সম্পাদন কৰা পাছত নিশাৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি আজি পুৱা কৰ্মস্থলীলৈ ৰাওনা হোৱাৰ পথত সংঘটিত হয় এই ঘটনা।এই ঘটনাৰ ফলত এতিয়া অঞ্চলটোত শোকৰ ছাঁ পৰিছে।