তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত গুপ্তহত্যাৰ বলি হোৱা চৰাইদেউ জিলাৰ মাহমৰাৰ এটি পৰিয়ালে আজিও লাভ নকৰিলে উচিত ন্যায়। আজিলৈকে চিনাক্ত নহ'ল গুপ্তঘাটকৰ পৰিচয়। উল্লেখ্য যে ১৯৯৯ চনৰ ১২ চেপ্তেম্বৰত মাহমৰাৰ ২ নং বৰবিল গাঁওৰ কৃষক উমা গগৈৰ পৰিয়ালটোও বলি হৈছিল গুপ্তহত্যাৰ। পুৱতি নিশাৰ অহা গুপ্তহত্যাকাৰীদলে কৃষক উমা গগৈৰ লগতে তেখেতৰ পত্নী, পুত্ৰ আৰু তিনিগৰাকী কন্যাক ঘৰৰ ভিতৰত ৰাখি বোমা বিস্ফোৰণ ঘটাই হত্যা কৰিছিল। এই ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল যদিও পিছত আদালতৰ মজিয়াত পৰি ৰ'ল গোচৰ। বছৰৰ পাছত বছৰ ন্যায় পোৱাৰ আশাত বন্দী হৈ ৰ'ল উমা গগৈৰ দুই বিবাহিত কন্যা। কিন্তু আজিলৈকে ন্যায় নাপালে গুপ্তহত্যাৰ বলি হোৱা কৃষক উমা গগৈৰ পৰিয়ালে। আজিলৈকে চিনাক্ত নহ'ল গুপ্তহত্যাৰ লগত জড়িত হত্যাকাৰীৰ পৰিচয়। আনহাতে গুপ্তহত্যাৰ বলি হোৱা এই পৰিয়ালটোৰ জীৱিত কন্যাই চৰকাৰৰ ফালৰপৰা কিছু পৰিমাণে আৰ্থিক সাহায্য লাভ কৰিলে যদিও পৰিয়ালটোৰ চৌহদত ২০০৬-০৭ বৰ্ষতে নিৰ্মাণ কৰা হস্ততাঁত বয়ন কেন্দ্ৰটো আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল। গুপ্তহত্যাৰ বলি হোৱা মাহমৰাৰ এই পৰিয়ালটো নিৰ্বাচনৰ সময়ত মাথোঁ ৰাজনৈতিক ইচ্ছ্যু হৈয়ে ৰ'ল দীৰ্ঘদিন ধৰি। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতি সকলোৰে এটাই আহ্বান যাতে গুপ্তহত্যাৰ বলি হোৱা এই পৰিয়ালটোৱে উচিত ন্যায় পাবলৈ সক্ষম হয় অতি শীঘ্ৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*દિયોદર ખાતે ભાજપ કાર્યાલય ને આજે ખુલ્લુ મુકવામાં આવ્યું*
બનાસકાંઠા જિલ્લાની ૧૪ દિયોદર વિધાનસભા બેઠક ઉપર ભાજપે કેશાજી ચૌહાણ ને ટિકીટ આપી ફરીવાર રિપીટ કર્યા...
ડીસાના 12 ગામોમાં પાણી ન આવતાં લોકોને હાલાકી
દાંતીવાડાના પાથાવાડા પાસે પીવાના પાણીની પાઇપલાઇનમાં ભંગાણ સર્જાતા ડીસા તાલુકાના 12 જેટલા ગામોમાં...
પૂર્વ ધારાસભ્ય નું મોટું નિવેદન..
પૂર્વ ધારાસભ્ય નું મોટું નિવેદન..
TECH NEWS :- गेम चेंजर होगा अपकमिंग OnePlus 12 स्मार्टफोन, नए डिजाइन और दमदार स्पेसिफिकेशन के साथ करेगा एंट्री
OnePlus 12 के लॉन्च की तैयारी शुरू हो गई है। कंपनी का अपकमिंग फ्लैगशिप स्मार्टफोन को संभावना है...
Rahul Gandhi की Bharat Jodo Nyay Yatra का Mumbai में होगा समापन, PM Modi पर Nana Patole का बड़ा बयान
Rahul Gandhi की Bharat Jodo Nyay Yatra का Mumbai में होगा समापन, PM Modi पर Nana Patole का बड़ा बयान