গোলাঘাট জিলাৰ কমাৰগাঁৱত ১১ ছেপ্টেম্বৰত কমাৰগাঁও অঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান সমলয় সংগীত গোষ্ঠী কমাৰগাঁৱৰ সৌজন্যত এদিনীয়া কাৰ্যসূচীৰে জিলা ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । সমলয় সংগীত গোষ্ঠীৰ সম্পাদক তথা শিল্পী দীপক বৰুৱাই আতঁধৰা সংগীত প্ৰতিযোগিতাখনিত ড°ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে সমলয় সংগীত গোষ্ঠীৰ উপ সভানেত্ৰী উত্তৰা শইকীয়া আৰু অনুষ্ঠানটি উদ্ধোধন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী মালবীকা হাজৰিকাই । কমাৰগাঁও ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সংগীত প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শিশুৰ পৰা বৃদ্ধলৈকে তিনিকুৰিও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।প্ৰতিযোগিতাত শিশুৰ পৰা বয়োজেষ্ঠ লৈকে ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিবেশনে প্ৰতিযোগিতাখনি আৰু অধিক জীপাল কৰি তোলে ।প্ৰতিযোগিতাত উচ্চ শাখাত বনগাঁৱৰ মানসজ্যোতি গগৈ প্ৰথম, তেলগৰমৰ উজ্জ্বল বৰ্মন দ্বিতীয়, পানীদিহিঙীয়াৰ কংকনা ফুকন তৃতীয় , বৰপথাৰৰ স্নিগ্ধা বৰুৱা চতুৰ্থ ,কমাৰগাঁও বৰদিহিঙিয়াৰ অশ্লেষা শইকীয়া পঞ্চম স্থান লাভ কৰাৰ লগতে নিম্ন শাখাত গোলাঘাট ঢেকিয়ালৰ আকাশনীল নেওগ প্ৰথম, কমাৰগাঁৱৰ ভাগ্যশ্ৰী শইকীয়া দ্বিতীয়,দেৰগাঁৱৰ ৰঙামাটিৰ অনন্যা ভূঞা তৃতীয়,বোকাখাতৰ ৰিটিক কুমাৰ পাটৰ চতুৰ্থ , কমাৰগাঁও নপুমুৱাৰ প্ৰিন্সিপ্ৰিয়া গগৈ পঞ্চম ,বহুপথাৰ দিপু গগৈ ষষ্ঠ স্থান লাভ কৰে । ইফালে স্থান লাভ কৰা প্ৰতিযোগি সকলক আয়োজক সমিতিয়ে প্ৰমান পত্ৰ,স্মাৰক আদিৰে পুৰস্কৃত কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડાપ્રધાનની સભામાં મંડપના બોલ્ટ કાઢવાનો વીડિયો વાયરલ, LCBએ યુવકની ધરપકડ કરી
વડાપ્રધાનની સભામાં મંડપના બોલ્ટ કાઢવાનો વીડિયો વાયરલ, LCBએ યુવકની ધરપકડ કરી: PM નરેન્દ્ર...
দিন ৰাসেৰেই শ্রীশ্রী দক্ষিণ পাট সত্রৰ ১৮২সংখ্যক ৰাস মহোৎসৱৰ সামৰনি
দিন ৰাসেৰেই শ্রীশ্রী দক্ষিণ পাট সত্রৰ ১৮২সংখ্যক ৰাস মহোৎসৱৰ সামৰনি
পাথৰিঘাটত স্বাধীনতাৰ মাৰাথন দৌৰ
ভাৰত বৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি ৰাতিপুৱা পাথৰিঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত...