হোজাই জিলাৰ ডবকাৰ মিকিৰআটিৰ মছজিদুল আক্বছাত আজি দিনজুৰা কাৰ্যসূচীৰে ছবাহী মক্তৱৰ শিক্ষাৰ্থীৰ মাজত ইছলামিক শিক্ষাৰ বিষয়ে এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উত্তৰ পূৱ ভাৰত এমাৰতে শ্বৰীয়াহ ও নদওৱাতুত তামীৰৰ পৰিচালনাত আৰু ডবকা আঞ্চলিক এমাৰতে শ্বৰীয়াহ ও নদওয়াতুত তামীৰৰ অধীনত বৃহত্তৰ ডবকা অঞ্চলৰ প্ৰায় পয়ত্ৰিছখন ছবাহী মক্তৱত অধ্যয়ণ কৰি থকা কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত নাজাৰা অৰ্থাৎ ক্বোৰআন পঢ়া , কিৰাত, মাছাইল আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷ উক্ত অনুষ্ঠানটিত সভাপতিত্ব কৰে - ডবকা আঞ্চলিক এমাৰতে শ্বৰীয়াহ ও নদৱাতুত তামীৰৰ সভাপতি - আলহাজ শ্বেখ কুৰমান আলীয়ে ৷ এই প্ৰতিযোগিতাতত বিচাৰক হিচাপে উপস্থিত আছিল ক্ৰমে - ডবকা বড় মছজিদৰ ইমাম হজৰত মৌলানা আবিদুৰ ৰহমান কাছিমী , মৌলানা ফাহিম আহমেদ , মৌলানা ৰিয়াজ উদ্দিন আৰু মৌলানা ফাৰুক আহমেদ ৷অনুষ্ঠানটিত অভ্যৰ্থনা কমিটিৰ হৈ মৌলানা এহছানুৰ ৰহমান , মৌলানা আছাদুৰ ৰহমান , ছামছুজ জামান , মাছুমুৰ ৰহমান আল হিলাল আৰু ইমদাদুৰ ৰহমান উপস্থিত থাকি প্ৰতিটো কাৰ্যসূচী সফলভাবে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ উল্লেখ্য যে, ছবাহী মক্তৱ ফাইনেল পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰীক একোখন সম্বৰ্ধনা পত্ৰ , কিতাপ আদিৰে পুৰস্কৃত কৰা হয় ৷ লগতে কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিখন মছজিদৰ ইমাম সকলক কমিটিৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচা , সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ প্ৰতিযোগিতাতত অংশ গ্ৰহণ কৰি প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা কৃতী ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷বিয়লি পুৰস্কাৰ বিতৰণি অনুষ্ঠানত ডবকা হাজী আনফৰ আলী কলেজৰ প্ৰৱক্তা নজৰুল হক বৰভুঞা, শিক্ষক ফাৰুক আহমেদ , হাফিজ কলনদৰ আলী বৰলস্কৰ, মৌলানা এবাদুৰ ৰহমান সহ আন বহু কেইজন বিশিষ্ট ব্যক্তি আৰু নদুৱাতুত তামিৰৰ হোজাই জিলা আৰু ডবকা আঞ্চলিকৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷প্ৰতিযোগিতা অনুষ্ঠিত হোৱা আল আক্বছা মচজিদৰ পৰিচালনা কমিটিৰ লগতে স্থানীয় ৰাইজৰ শলাগ লয় এমাৰতে শৰীয়াহ ও নদৱাতুত তামিৰৰ বিষয়ববীয়া সকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तालेड़ा और जमीतपुरा कस्बे में निकला मिलादुन्नबी का जुलूस
बूंदी। तालेड़ा कस्बे में जश्ने ईद मिलादुन्नबी का जुलूस निकाल कर हजरत मोहम्मद सल्लअल्लाह वसल्लम का...
अब फिर होगा चुनाव अखिलेश यादव देंगे इस्तीफा
उत्तर प्रदेश के लखनऊ में,अब फिर होगा चुनाव अखिलेश यादव देंगे इस्तीफा।मालूम होकि उत्तर प्रदेश के...
યુવા ક્ષત્રિય સેના ગુજરાત ના કેમ્પ પર રાજકોટ થી અંબાજી પદયાત્રા સંઘ માં આ સંઘ નું એક અલગ જ આકર્ષણ
યુવા ક્ષત્રિય સેના ગુજરાત ના કેમ્પ પર રાજકોટ થી અંબાજી પદયાત્રા સંઘ માં આ સંઘ નું એક અલગ જ આકર્ષણ