আজিৰ এই দিনটোতে আমেৰিকাৰ চিকাগো চহৰৰ Art Institute ৰ Hall of Columbus ত অনুষ্ঠিত হোৱা বিশ্ব ধৰ্ম মহাসভাত ভাৰতৰ ৩০ বছৰীয়া যুৱ সন্ন্যাসী স্বামী বিবেকানন্দৰ ওজস্বী ভাষণে উপস্থিত সাতহেজাৰ বিশিষ্ট বিজ্ঞানী, দাৰ্শনিক, ধৰ্মগুৰু, অধ্যাপক, চিকিৎসক, অভিযন্তা সকলৰ সমুখত হিন্দুত্বৰ বিজয়ধ্বজা উৰুৱাই ভাৰতৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে ।