কাৰাগাৰত বন্দী হৈ থকা আই লাভ ইউৰ পলায়ন। আজি সুযোগ বুজি জেলৰ পৰা পলাল আই লাভ ইউ।

বিশেষ নামটোৰ বাবে জনাজাত হৈ পৰা মেঘালয়ৰ এই আই লাভ ইউ নামৰ হত্য়াকাৰী জন আজি মেঘালয়ৰ কাৰাগাৰৰ পৰা পলায়ন কৰে, লগতে পলায়ন কৰে অন্য ৫ অপৰাধী।

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ জোৱাই জিলাৰ কাৰাগাৰৰ পৰা পলায়ন কৰে আই লাভ ইউ তালাং (I love you Talang) সহ মুঠ ৬ অপৰাধীয়ে।

জেলৰ পৰা পলোৱা আন পাঁচজন হৈছে ৰমেশ ডিখাৰ, মাৰ্চানকি টাৰিয়াং, ৰিক্মেনলাং লামাৰে, শিডৰ্কি ডিখাৰ আৰু লোডেষ্টাৰ টাং।