সমাগত দূৰ্গাপূজাক লৈ ৰাজ্যযুৰি ব্যাপক প্ৰস্তুতি চলিছে।দূৰ্গাপূজা অনুষ্ঠিত কৰিবলৈ উদ্যাপন সমিতি সমুহ সাজু হোৱাৰ সমান্তৰাল ভাৱে ডিব্ৰুগড় জিলা প্ৰশাসনো সাজু হৈছে শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে। সমগ্ৰ।ডিব্ৰুগড় জিলাখনতে দূৰ্গাপূজা অনুষ্ঠিত কৰাৰ কিছু নুতি নিয়ম সলনি হ'ব এইবাৰ। সেই সম্পৰ্কে ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰতিটো চক্ৰ বিষয়াৰ কাৰ্য্যালয়লৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে আজি মৰাণৰ গাওঁ প্ৰধান ভৱনত মৰাণৰ চক্ৰ বিষয়াই মৰাণৰ সকলোপূজা সমিতিক লৈ আলোচনাত বহিল। মৰাণৰ চক্ৰবিষয়া শ্ৰাবণা সোনোৱালৰ উদ্যোগত অনুষ্ঠিত সভাত মৰাণৰ ন-পুৰনি সকলো পূজা সমিতিৰ বিষয় -ববীয়াই অংশ গ্ৰহন। কৰাৰ লগতে মৰাণ থানিৰ আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে অংশ গ্ৰহন কৰে।এই সভাত মৰাণ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জিলা প্ৰশাসনৰ নিৰ্দেশ সমুহ দূৰ্গাপূজা সমিতি সমুহক অৱগত কৰে। এইবাৰ মৰাণৰ দুৰ্গা পূজা প্লাষ্টিক মুক্ত।হ'ব। লগতে দেৱী বিৰ্সজনৰ সময়ত কোনেও ডি জে বজাব নোৱাৰিব। এই নিয়ম অমান্য কৰিলে প্ৰশাসন কঠোৰ হ'ব বুলি জানিবলৈ দিছে মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ লগতেমৰাণৰ আৰক্ষী বিষয়া।গৰাকীয়ে।
মৰাণত এইবাৰ প্লাষ্টিক মুক্ত হ'ব দূৰ্গা পূজাঃ ঘোষণা মৰাণ প্ৰশাসনৰ। মৰাণৰ প্ৰশিসনৰ কঠোৰ নিৰ্দেশ ডি জে বজাব নোৱাৰিব পূজা সমিতিয়ে।।


