তিনিচুকীয়া জিলাৰ মাকুম হাপজানৰ বৃহত্তৰ অঞ্চলত 'অসম দৰ্শন' আঁচনিৰ জৰিয়তে প্ৰায় ১৪০টা নামঘৰ নিৰ্মাণৰ বাবে আঢ়ৈ লাখ টকাকৈ পুঁজি আগবঢ়াইছিল ৰাজ্য চৰকাৰে ।
তাৰে ৭টা হাপজান ক'লা কৃষ্টি নামঘৰ আৰু হাপজান ষ্টাফ লাইন নামঘৰ, আৰু ৫টা বৃহত্তৰ ডিগবৈ অঞ্চলত নামঘৰ দেওবাৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গিত কৰে ।
তাৰ সমান্তৰালভাৱে পঞ্চায়ত পুঁজিৰ ৩ লাখ টকাকৈ পুঁজিৰ দ্বাৰা নামঘৰৰ জিৰণি চ'ৰাৰ বাবে হাপজান ক'লা কৃষ্টি বিকাশ কেন্দ্ৰক প্ৰদান কৰে বিধায়ক গৰাকীয়ে ।